NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত উপস্থিত পৌৰসভা নিৰ্বাচনৰ পৰ্যবেক্ষক পৰাগ কুমাৰ কাকতি

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 18, 2022 4:59 pm

অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে চৰকাৰে পৰ্যবেক্ষক হিচাবে নিযুক্তি দিয়া কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে ইতিমধ্যে বঙাইগাঁৱত উপস্থিত হৈছে।

পৰ্যবেক্ষকগৰাকীয়ে সম্প্ৰতি বঙাইগাওঁ আৱৰ্ত ভৱনত বাহৰ পাতি আছে।

তেওঁ বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে আৰু মনোনয়ন পত্ৰ পুনৰীক্ষণ কাৰ্যতো উপস্থিত থাকে।
যিকোনো লোকেই পৌৰ নিৰ্বাচন সম্পৰ্কীয় কোনো কথা জানিবলগীয়া থাকিলে পৰ্যবেক্ষকগৰাকীক তেওঁৰ টেলিফোন নম্বৰ ৯৪৩৫১৮০৫৫৭ ত যোগাযোগ কৰিব পাৰিব ৷

উল্লেখ্য বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ পুনৰীক্ষণ কৰাৰ পিছত যি ৭৩ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল তাৰে আটাইকেইখন মনোনয়ন পত্ৰই বৈধ বুলি বিবেচিত হৈছে ৷