NORTHEAST NOW (Assamese)
দেশ

মুম্বাইত মুন্নাভাই! কাণত হেডফোন লগাই বহিছিল কনিষ্টবলৰ পৰীক্ষাত : ধৰা পৰি কি অৱস্থা হ’ল চাওক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 12, 2025 4:20 pm

মুম্বাইত সংঘটিত হৈছে “মুন্নাভাই এম বি বি এছ” চিনেমাখনৰ দৰে ঘটনা। ‘মুন্নাভাই এম বি বি এছ’ত চিনেমাখনৰ নায়ক সঞ্জয় দত্তই কাণত হেডফোন লগাই পৰীক্ষা দিবলৈ যোৱৰ দৰে পৰীক্ষা দিবলৈ গৈছিল মুম্বাইৰ এজন পৰীক্ষাৰ্থী।

মুম্বাই আৰক্ষীৰ চালক-কনিষ্টবল বাছনি পৰীক্ষাত কাণত হেডফোন লগাই ধৰা পৰিছে কুশনা দলৱী নামৰ এজন বাইশ বছৰীয়া যুৱ। যুৱকজনৰ ঘৰ মহাৰাষ্ট্ৰৰ জলনা জিলাত।

অশিৱাৰাৰ এটা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। পৰীক্ষা দি থকাৰ সময়ত কুশনাৰ আচৰণৰ ওপৰত সন্দেহ হৈছিল নীৰিক্ষক সকলৰ। তাৰপিছত তেওঁক তালাচী চলাই তেওঁৰ কাণৰ পৰা চিমকাৰ্ড থকা এডাল ইয়াৰপিছ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, পৰীক্ষাৰ্থীজনক ফোনেৰে শচীন ভাস্কৰ আৰু প্ৰদীপ ৰাজপুত নামৰ দুজন বন্ধুৱে উত্তৰবোৰ কৈ আছিল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থী কুশনা দলৱীৰ লগতে আন দুজন অভিযুক্তক। আটাইৰে বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।