NORTHEAST NOW (Assamese)

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

May 23, 2022 5:14 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কৃষ্ণনগৰৰ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুনৰ বিস্ফোৰণ।

মহিলাক নিৰ্য্যাতন চলোৱা ভাৰাঘৰৰ মালিকক চাফা কৰি দিব লাগে বুলি আজি হত্যাত অভিযুক্ত ডেকাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

আৰক্ষীয়ে দুদিনৰ জিম্মা শেষ হোৱাৰ পিছত আজি অভিযুক্ত ডেকাক আদালতত হাজিৰ কৰোৱাইছিল।

আদালত চৌহদতে ডেকাই আজি সংবাদমাধ্যমৰ আগত পুনৰ একাংশ ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

উল্লেখ্য গুৱাহাটীৰ কৃষ্ণনগৰত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিছিল ঘৰৰ মালিকক।

কৃষ্ণনগৰৰ বিক্ৰমপুৰত ঘটা এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধৰণী ডেকা নামৰ ভাৰাতীয়া লোকজনে ঘৰৰ মালিকক ঘপিয়াই হত্যা কৰা বুলি কৈ পত্নীৰ সৈতে দিছপুৰ থানাত আত্মসমৰ্পন কৰিছিল।

ডেকাই ঘৰৰ মালিক হেমধৰ বৰুৱাৰ বিৰুদ্ধে তেওঁৰ পত্নীক যৌন আতিশয্য চলোৱাৰ অভিযোগ কৰিছিল। আজিও ডেকাই সেই অভিযোগতে অটল হৈ থাকে।

উল্লেখ্য মৃত হেমধৰ বৰুৱাৰ বয়স ৭৫ বছৰ।

হেমধৰ বৰুৱাৰ গুপ্তাংগ আৰু বুকুত দাৰে ঘপিয়াইছিল ধৰণী ডেকাই ।

Related News