NORTHEAST NOW (Assamese)
দেশ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2022 5:31 pm
Gyanvapi Mosque Case

দেশত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা জ্ঞানৱাপী মছজিদ বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰা বাৰানসী জিলা আদালতে মঙলবাৰে বিষয়টো সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব।

আদালতে বৰ্তমান এই বিতৰ্কিত বিষয়টোত দাখিল কৰা তিনিখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে। এই তিনিখন আৱেদনৰ ভিতৰত দুখন হিন্দু পক্ষই দাখিল কৰাৰ বিপৰীতে এখন আবেদন মছজিদ সমিতিয়ে দাখিল কৰিছে।

আবেদন দাখিল কৰা মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই আবেদন প্ৰথমে গ্ৰহণ কৰা উচিত বুলি আদালতত আৰ্জি জনায়।

আনহাতে, হিন্দু পক্ষই জৰীপ আয়োগে দাখিল কৰা প্ৰতিবেদনক অগ্ৰাধিকাৰ দি বিবেচনাৰ বাবে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

দুয়োপক্ষৰ শুনানিৰ পিছত বিচাৰপীঠে গোচৰটোৰ শুনানি কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কে বিবেচনা কৰি মঙলবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰে।

উল্লেখ্য যে হিন্দু পক্ষই আবেদনৰ জৰিয়তে জ্ঞানৱাপী চৌহদত শ্ৰীঙ্গাৰ গৌৰীৰ দৈনিক উপাসনাৰ অনুমতি দিবলৈ আহ্বান জনাইছে।

লগতে মছজিদৰ ৱাজুখানাত উদ্ধাৰ কৰা বুলি দাবী কৰা ‘শিৱলিংগ’ত উপাসনাৰ অনুমতি বিচাৰি বিকল্প ৱাজুখানাৰ ব্যৱস্থা কৰিবলৈও আবেদন যোগে আহ্বান জনাইছে।