NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়াত হত্যাৰ বলি ভাৰতীয় মহিলা : পত্নীক হত্যা কৰি পুত্ৰৰ সৈতে উভতি আহিল স্বামী

March 13, 2024 8:50 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অষ্ট্ৰেলিয়াত হত্যাৰ বলি হৈছে এগৰাকী ভাৰতীয় মহিলা। নিহত মহিলাগৰাকীৰ নাম চৈতন্য মাধগনী। আৰক্ষীয়ে সন্দেহ কৰা মতে নিজৰ স্বামীয়েই হত্যা কৰিছে মহিলাগৰাকীক। 

মৃত্যুৰ পিছতে পত্নীৰ মৃতদেহ অষ্ট্ৰেলিয়াতে এৰি  পুত্ৰক লৈ ভাৰতলৈ উভতি আহিছে মহিলাগৰাকীৰ স্বামী। স্বামীয়ে মহিলাগৰাকীৰ পিতৃ-মাতৃক গতাই দিছে পুত্ৰক। 

জানিব পৰা মতে মহিলাগৰাকী হায়দৰাবাদৰ বাসিন্দা। বিয়াৰ পিছত স্বামীৰ সৈতে অষ্ট্ৰেলিয়াত থাকিবলৈ যায় তেওঁ। তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। 

শনিবাৰে অষ্ট্ৰেলিয়াৰ বাকলিৰ পথৰ কাষৰ জাৱৰৰ দমত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

হায়দৰাবাদৰ উপপাল অঞ্চলৰ বিধায়ক ভাণ্ডাৰী লক্ষ্মী ৰেড্ডীয়ে দেওবাৰে মহিলাগৰাকীৰ মৃত্যুৰ জানিব পাৰি মহিলাগৰাকীৰ পৰিয়ালৰ লোকক লগ কৰে।  মৃত মহিলাগৰাকীৰ পিতৃ-মাতৃৰ অনুৰোধত বিধায়কগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈও এখন পত্ৰ লিখি মহিলাগৰাকীৰ মৃতদেহ অষ্ট্ৰেলিয়াৰ পৰা হায়দৰাবাদলৈ আনিবলৈ অনুৰোধ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই কথা জানিবলৈ দিয়ে। 

ইফালে আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত স্বামীয়ে অষ্ট্ৰেলিয়াত পত্নীক হত্যা কৰি পুত্ৰৰ সৈতে হায়দৰাবাদলৈ উভতি আহে। অভিযুক্তই পত্নীক হত্যা কৰা বুলিও স্বীকাৰ কৰে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

অষ্ট্ৰেলিয়াৰ কুইন্স আৰক্ষীয়ে জনোৱা মতে, মিৰ্কা ৱে’ত আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অনুমান কৰা হৈছে যে দুয়োটা হত্যাকাণ্ডৰ মাজত কোনো সম্পৰ্ক আছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News