NORTHEAST NOW (Assamese)

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব পৰিৱেশ দিৱসৰ দিনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাখনো মনোমহা ছবি শ্বেয়াৰ কৰিছে। ‘গ্ৰেট নিকোবৰ প্ৰজেক্ট’ৰ বাবে আন্দামানত প্ৰায় চাৰে আঠৰ পৰা দহ লাখ গছ কটা পৰিব বুলি যোৱা কেইবামাহো ধৰি চৰ্চা চলি আছে। পৰিৱেশবিদসকলেও এই কথাত গভীৰ আশংকা প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ নাম নোলোৱাকৈয়ে ৰাহুল গান্ধীয়ে পৰিৱেশ ৰক্ষাৰ বাবে সকলোকে আহ্বান জনাইছে।

’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে লিখিছে যে যদিহে আমি পৰিৱেশৰ ভাৰসাম্য আৰু বহনক্ষম উন্নয়নক গুৰুত্ব দিওঁ, তেন্তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বিশ্বৰ আটাইতকৈ ধুনীয়া উপকূলীয় পৰ্যটন কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা আছে। অধিক সংখ্যক ভাৰতীয়ই এই সুন্দৰ দ্বীপবোৰ ভ্ৰমণ কৰক আৰু নিজৰ চকুৰে ভাৰতৰ এই আচৰিত সৌন্দৰ্য উপভোগ কৰক বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ‘গ্ৰেট নিকোবৰ প্ৰজেক্ট’ৰ অধীনত চাৰিটা প্ৰকল্পৰ কাম কৰা হ’ব। ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গালাথিয়া উপকূলত কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, সৌৰশক্তি প্ৰকল্প আৰু দুখন উপকূলীয় চহৰ নিৰ্মাণৰ কাম। এই প্ৰকল্পকেইটা বাস্তৱায়িত কৰিবলৈ গৈ বিপুল পৰিমাণৰ গছ কাটিব লগা হ’ব। জীৱবিজ্ঞানীসকলে আশংকা কৰিছে যে ইয়াৰ ফলত সেই অঞ্চলৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হৈ পৰিব পাৰে।

অৱশ্যে ৰাহুল গান্ধীয়ে এইবাৰ পোণপটীয়াকৈ প্ৰকল্পটোৰ বিষয়ে একো কোৱা নাই যদিও পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ সপক্ষে তেওঁ যিদৰে মাত মাতিছে, সেয়া এই বিতৰ্কৰ প্ৰতিয়েই এক স্পষ্ট ইংগিত বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁ কৈছিল যে চৰকাৰে ইয়াক এটা প্ৰকল্প বুলি কৈছে যদিও আচলতে এয়া কুঠাৰৰ আঘাতত বলি হ’বলৈ ৰৈ থকা লাখ লাখ গছৰ অৱস্থাহে। যুগ যুগ ধৰি স্থানীয় লোকসকলে সংৰক্ষণ কৰি অহা এই প্ৰাচীন প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ পৰিণাম অতি ভয়াবহ হ’ব পাৰে বুলি তেওঁ সকীয়াই দিছে।

Related News