NORTHEAST NOW (Assamese)
Popular Stories

নিজৰেই সতীয়া মাতৃ-ভগ্নীক হত্যা, মুম্বাইত বন্ধুক হত্যা! ১৭ বছৰৰ পাছত গ্ৰেপ্তাৰ বিহাৰৰ ‘ছিৰিয়েল কিলাৰ’

March 22, 2025 12:00 pm

ব্যক্তিজনৰ বয়স চল্লিশ বছৰ। দেশৰ বিভিন্ন প্ৰান্তত ১৭ বছৰ ধৰি পলাতক হৈ আছিল ব্যক্তিজন। কেতিয়াবা ৰাজমিস্ত্ৰী, কেতিয়াবা প্লাম্বাৰ আৰু কেতিয়াবা নিৰাপত্তাৰক্ষীৰ কাম হাতত লৈছিল তেঁও। কিন্তু অৱশেষত কৰ্ণাটকত গ্ৰেপ্তাৰ হল বিহাৰৰ ‘ছিৰিয়েল কিলাৰ

অভিযোগ অনুসৰি, ধৃত নিৰঞ্জন কুমাৰে তেওঁৰ সতীয়া মাতৃ-ভগ্নীক হত্যা কৰি পলায়ন কৰিছিল। ইয়াৰ পাছত তেওঁ মুম্বাইত বন্ধু এজনক হত্যা কৰে। কিন্তু ইমান দিনে তেওঁৰ কাষ চাপিব পৰা নাছিল আৰক্ষী। কিন্তু অৱশেষত আৰক্ষীয়ে বেংগালুৰুৰ পৰা নিৰঞ্জনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, নিৰঞ্জন মূলতঃ বিহাৰৰ। সাৰণ জিলাত তেওঁৰ এটা ঘৰ আছিল। সৰুতে মাকক হেৰুৱাইছিল।যাৰ বাবে দেউতাক পুনৰ বিয়াত বহে। অভিযোগ অনুসৰি তাতেই নিৰঞ্জনে তেওঁৰ সতীয়া মাতৃ-ভগ্নীক হত্যা কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ২০০২ চনত এই ঘটনা সংঘটিত হৈছিল। তাৰ পাছত তেওঁ মহাৰাষ্ট্ৰলৈ পলায়ন কৰে। প্ৰথমতে তেওঁ মুম্বাইত বাস কৰিছিল।

নিৰঞ্জনে ভাছাইত থাকি চাকৰি পালে। তাত তেওঁৰ বন্ধু আছিল মনোজ শ্বাহ। মনোজৰ জৰিয়তে চাকৰিটো পাইছিল। কিন্তু সৰু কাজিয়াত নিৰঞ্জনে সেই বন্ধুজনকো হত্যা কৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰঞ্জনে মনোজক বেৰত ঠেলি দি হত্যা কৰিছিল। থানাত এজাহাৰ দাখিল কৰা হয় যদিও নিৰঞ্জন আকৌ পলাই যায়।

পাঁচটা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্তক বিচাৰি বিহাৰত একাধিক অভিযান চলাইছে আৰক্ষীয়ে। নিৰঞ্জনৰ ওচৰ-চুবুৰীয়াই কয় যে তেওঁলোকে এবাৰ দুবাৰ ঘৰলৈ যোৱা দেখিছিল। কিন্তু বিশেষ কাৰো লগত কথা পতা নাছিল। তেওঁ কত থাকে কোনেও নাজানে।

অৱশেষত আৰক্ষীয়ে বেংগালুৰুৰ পৰা নিৰঞ্জনক গ্ৰেপ্তাৰ কৰে। জনা যায় যে তেওঁ তাত প্লাম্বাৰ হিচাপে কাম কৰিছিল। তেওঁ এটা জুপুৰীত বাস কৰিছিল। তেওঁ বহুবাৰ নাম সলনি কৰিছে। কোনো কোনোৱে নিৰঞ্জনক ৰাজু বুলি, কোনোৱে অজয়, কোনোবাই বিজয় শুক্লা, আৰু কোনোবাই ৰঞ্জন বুলি চিনি পায়। এগৰাকী মহিলাৰ লগত থাকিছিল। নিৰঞ্জনে কেইবছৰমান আগতে মহিলাগৰাকীক বিয়া কৰাইছিল। বৰ্তমান তেওঁ মুম্বাই আৰক্ষীৰ জিম্মাত আছে। শীঘ্ৰে তেওঁক ভাছাইৰ আদালতত হাজিৰ কৰা হব।