NORTHEAST NOW (Assamese)

ভদ্ৰলোকৰ খেল ক্ৰিকেটত বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামি; ভাইৰেল ভিডিঅ’

December 15, 2020 8:55 am · এন ই নাও নিউজ

ভদ্ৰলোকৰ খেল বুলি ক্ৰিকেটক কোৱা হয় যদিও বাংলাদেশৰ ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামিয়ে এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে।

মুছফিকুৰ ৰহিমে ঘৰুৱা টি-২০ টুৰ্ণামেণ্ট (বংগবন্ধু টি-২০ টুৰ্ণামেণ্ট)ত তেওঁৰ এগৰাকী সহযোগী খেলুৱৈক ফিল্ডৰ ভিতৰতেই চৰ মৰাৰ চেষ্টা কৰে।

ইতিমধ্যে ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত স্পষ্টভাৱে দেখিবলৈ পোৱা যায় যে বংগবন্ধু টি-২০ টুৰ্ণামেণ্টৰ বেক্সিমকো ঢাকাৰ অধিনায়ক মুছফিকুৰ ৰহিমে নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি সহযোগী ক্ৰিকেটাৰ নাছুম আহমেদক খেলপথাৰতেই চৰোৱাৰ বাবে হাত দাঙে।

আচলতে এটা কেচৰ বাবে যাওতে নাছুম আৰু মুছফিকুৰৰ মাজত ভুল বুজাবুজি হৈ পৰস্পৰে পৰস্পৰক সাধাৰণভাৱে খুন্দিয়াই। অৱশ্যে কেচটো মুছফিকুৰে লয় যদিও এই কথাত ক্ষুভিত হৈ তেওঁ নাছুমক মাৰিবলৈ হাত দাঙে।

ভিডিঅ’টোত স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায় যে মুছফিকুৰে মাৰিবলৈ হাত উঠায়, হয়তো লগে লগে অনুভৱ কৰিছিল যে তেওঁ এয়া ভুল কৰিছে আৰু সেয়ে তৎক্ষণাৎ নিজকে নিয়ন্ত্ৰণ কৰি লয়।

 

ইয়াৰ পিছত মুছফিকুৰে নিজৰ সহযোগী ক্ৰিকেটাৰ গৰাকীক বুজোৱাও পৰিলক্ষিত হয়।

ঘটনাটোৰ ভিডিঅ’ টুইটাৰত যথেষ্ট ভাইৰেল হৈছে।

উল্লেখ্য যে বাংলাদেশৰ এইগৰাকী খেলুৱৈ প্ৰায়ভাগেই বিতৰ্কৰ মাজত সোমাই থাকে।

ফিল্ডত বিভিন্ন নৃত্য তথা অন্য কামৰ বাবে জনাজাত মুছফিকুৰে এইবাৰ এজন নিজৰেই সহযোগী ক্ৰিকেটাৰক মাৰিবলৈ উদ্যত হোৱা কাৰ্যক বিভিন্ন লোকে সমালোচনা কৰিছে।

Related News