NORTHEAST NOW (Assamese)

ঘাতক কুম্ভমেলা! প্ৰাণ কাঢ়িলে বলিউডৰ সংগীত পৰিচালক শ্ৰাৱণ ৰাঠোড়ৰ, পুত্ৰৰ বিস্ফোৰক ভাষ্য

April 23, 2021 4:13 pm · এন ই নাও নিউজ
Updated: April 23, 2021 5:41 pm

মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ বহস্পতিবাৰে মৃত্যুক সাৱটি লয় বলীউদৰ বিখ্যাত তথা এসময়ৰ অতি জনপ্ৰিয় সংগীত পৰিচালক নাদিম-শ্ৰাৱণ যুটীৰ শ্ৰাৱণ ৰাঠোড়ে।

মৃত্যুৰ সময়ত বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ বয়স হৈছিল ৬৭বছৰ।

তেওঁৰ মৃ্ত্যুক লৈ সংগীতপ্ৰেমী তথা বলিউডত শোকৰ ছাঁ পৰাৰ সময়তে সংগীত পৰিচালকজনৰ পুত্ৰ সঞ্জীৱ ৰাথোড়ে এটা চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে।

সঞ্জীৱ ৰাথোড়ে কয় যে তেওঁৰ পিতৃ শ্ৰাৱণ ৰাথোড় পত্নীৰ স’তে ক’ভিডত আক্ৰান্ত হোৱাৰ কেইদিনমান পূৰ্বে কুম্ভমেলা উপলক্ষে হৰিদ্বাৰলৈ গৈছিল।

কুম্ভমেলাৰ পৰা ঘূৰি অহাৰ পাছতে সংগীত পৰিচালকজনে শ্বাসকষ্টত ভোগা বুলি জনাইছিল।

তাৰপাছতে পত্নীৰ স’তে সংগীত পৰিচালকজনক ক’ভিড টেষ্ট কৰা হৈছিল আৰু প’জিটিভ ফলাফল পোৱা গৈছিল।

তদুপৰি তেওঁলোকৰ পুত্ৰ সঞ্জীৱো বৰ্তমান ক’ভিড পজিটিভ হৈ মাতৃ বিমলাদেৱীৰ স’তে মুম্বাইৰ চেভেনহিল্ছ হস্পিতালত চিকিৎসাধীন হৈ আছে।

হস্পিতালৰ পৰাই এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত তেওঁ কয় যে তেওঁলোকে ভবা নাছিল তেওঁলোকৰ পৰিয়ালটোৱে এনে কঠিন পৰিস্থিতিৰ স’তে মুখামুকি হ’ব।

“মোৰ দেউতা বিয়োগ হ’ল, মই ক’ভিড পজিটিভ আৰু ঠিক সেইদৰে মাৰো। মোৰ ভাতৃও পজিটিভ আৰু বৰ্তমান ঘৰত আইচলেচনত আছে।”- তেওঁ কয়।

উল্লেখযোগ্য যে সংগীত পৰিচালকজন হৃদৰোগ জনিত সমস্যাৰ উপৰিও ডায়বেটিছত ভুগি আছিল।

ক’ভিড পজিটিভ হোৱাৰ পাছতে তেওঁক মুম্বাইৰ এছএল ৰাহেজা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল আৰু তাতে শেষ নিঃশ্বাস ত্যাগ কৰে।

Related News