NORTHEAST NOW (Assamese)

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় সংগীত পৰিচালক বাপ্পী লাহিৰী

April 1, 2021 11:56 am · এন ই নাও নিউজ

প্ৰখ্যাত সংগীত পৰিচালক তথা গায়ক বাপ্পী লাহিৰীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

বুধবাৰে গায়কজনৰ মুখপাত্ৰই এই কথা জানিবলৈ দিছে।

তেওঁ কয় যে বৰ্তমান তেওঁ ব্ৰেখ কেণ্ডি হস্পিতালত চিকিৎসাধীন হৈ আছে আৰু সুস্থভাৱেই আছে।

বাপ্পী লাহিৰীৰ পৰিয়ালে গায়কজনৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

গায়কজনৰ মুখপাত্ৰই কয় যে বাপ্পী লাহিৰীয়ে তেওঁৰ অনুৰাগী, বন্ধু-বান্ধৱী, ভাৰত আৰু ভাৰত বাহিৰত থকা সকলো লোকৰে পৰা আৰ্শীবাদ বিচাৰিছে।

”বাপ্পীদাৰ হৈ আমি তেওঁৰ বাৰ্তাটো শুভাকাংক্ষী আৰু অনুৰাগীসকলৈ প্ৰেৰণ কৰিছো, যাতে সকলো স্বাস্থ্যৱান আৰু আশীষপুষ্ট হৈ থাকে।”- মুখপাত্ৰজনে এইদৰে কয়।

Related News