NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় সাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত জছৰাজৰ দেহাৱসান; প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 8:00 pm

ভাৰতীয় সাস্ত্ৰীয় সংগীতৰ বিধগ্ধ পণ্ডিত পণ্ডিত জছৰাজৰ সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯০ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

হাৰিয়ানাৰ জচৰাজত জন্মগ্ৰহণ কৰা পণ্ডিত জছৰাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত নিগাজিকৈ আছিল।

পণ্ডিত জছৰাজে ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণকে ধৰি ভালেসংখ্যক সন্মান লাভ কৰিছিল।

পণ্ডিচ জছৰাজে ১৪ বছৰ বয়সৰ পৰা ভাৰতীয় সাস্ত্ৰীয় সংগীতৰ সাধনা আৰম্ভ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত জছৰাজৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।

”পণ্ডিত জছৰাজ জিৰ আকস্মিক বিয়োগে ভাৰতীয় সাস্ত্ৰীয় সংগীতৰ জগতখনত গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি,” নৰেন্দ্ৰ মোদীয়ে এইদৰে শোক ব্যক্ত কৰে।

সাস্ত্ৰীয় সংগীতৰ ধ্ৰুপদী শিল্পী গৰাকীৰ বিয়োগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বলিউদৰ ভালেসংখ্যক সংগীতজ্ঞই গভীৰ শোক ব্যক্ত কৰে।