NORTHEAST NOW (Assamese)
Popular Stories

কৰ্ণাটক বিধানসভাত মুছলমান সংৰক্ষণ বিধেয়ক গৃহীত! বিজেপি বিধায়কে টুকিলে চকুলো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2025 2:23 pm

শুকুৰবাৰে কৰ্ণাটক বিধানসভাই এখন বিতৰ্কিত বিধেয়ক গৃহীত কৰে। বিধেয়কখনত মুছলমান সম্প্ৰদায়ক সংৰক্ষণ প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। ছিদ্দাৰমাইয়া চৰকাৰৰ বিধেয়কত মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে ৪ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। বিৰোধী বিজেপিয়ে এই প্ৰস্তাৱক “অসাংবিধানিক বুলি অভিহিত কৰি আইনগতভাৱে প্ৰত্যাহ্বান জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

বিজেপি নেতাসকলে সদনত শাসকীয় ছিদ্দাৰমাইয়া চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছিল। ইয়াৰ পাছতে বিজেপি নেতাসকলে চাৰি শতাংশ কোটা বিধেয়কখন ফালি পেলায় আৰু অধ্যক্ষৰ ওপৰত কাগজ নিক্ষেপ কৰে।

বিজেপিৰ বিধায়ক ভাৰত শ্বেট্টীয়ে কয়, “হানী ট্ৰেপিং কেলেংকাৰিৰ বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে চাৰি শতাংশ মুছলমান বিধেয়ক দাখিল কৰাত ব্যস্ত আছিল আৰু সেয়েহে আমি প্ৰতিবাদ কৰিছিলো।চৰকাৰী বিধায়কসকলেও কাগজ ফালি আমাৰ ওপৰত দলিয়াইছিল;আমি কাৰো ক্ষতি কৰা নাছিলো।

উল্লেখ্য যে, শাসকীয় কংগ্ৰেছ চৰকাৰে সংখ্যালঘুৰ বাবে সামাজিক ন্যায় আৰু অৰ্থনৈতিক সুযোগ সুনিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে সংৰক্ষণক ৰক্ষা কৰাৰ বিপৰীতে বিৰোধী বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে।

বিধেয়কখনৰ বিধান অনুসৰি চৰকাৰী নিবিদাত মুছলমান ঠিকাদাৰে চাৰি শতাংশ কোটা লাভ কৰিব, যাৰ ফলত তেওঁলোকে ৰাজহুৱা চুক্তিৰ বাবে অধিক ফলপ্ৰসূভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হব পাৰিব। মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়াই জোৰ দি কয় যে এই ব্যৱস্থা চৰকাৰৰ সৰ্বাংগীন উন্নয়ন আৰু সঁহাৰিমূলক ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাৰ সৈতে জড়িত।