NORTHEAST NOW (Assamese)

‘মুছলমানে দখল কৰা নাই মইনবৰী সত্ৰ’, হিমন্ত বিশ্বৰ মন্তব্য অগ্ৰাহ্য সত্ৰাধিকাৰ পৰিয়ালৰ ||Video

January 17, 2019 11:21 pm · এন ই নাও নিউজ
Updated: January 17, 2019 11:23 pm
মইনবৰী সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য ৰঞ্জিত অধিকাৰী।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দাবী কৰাৰ দৰে বৰপেটাৰ মইনবৰী সত্ৰৰ মাটি কোনো মুছলমানে দখল কৰা নাই, এই স্পষ্টীকৰণ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য ৰঞ্জিত চন্দ্ৰ অধিকাৰীৰ।

সম্পূৰ্ণৰূপে শুনক মইনবৰী সত্ৰৰ অধিকাৰৰ পৰিয়ালৰ সদস্য ৰঞ্জিত অধিকাৰীৰ বক্তব্য

সত্ৰখনৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰি অধিকাৰীয়ে সংবাদ মাধ্যমক জনাই যে বেঁকী নৈৰ খহনীয়াত জাহ যোৱাৰ বাবেহে সত্ৰখন পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰিত কৰা হৈছিল।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুছলমানে মাটি দখল কৰাৰ কাহিনীৰ পৰিৱৰ্তে এজন মুছলমান লোকে নিজৰ ভূমি সত্ৰৰ বাবে দান কৰিবলৈ ওলোৱাৰ কথাহে সদৰী কৰে অধিকাৰীয়ে।

বৰ্তমানো মুছলিম লোকৰ মাজত মইনবৰীতে বাস কৰে সত্ৰখনৰ আগৰজনা সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰীৰ পুত্ৰগৰাকীয়ে।

নাগৰিকত্ব বিধেয়কক লৈ প্ৰশ্নৰ উত্তৰ দিবলৈ অসমৰ টিভি চেনেলত হিমন্ত বিশ্বই সত্ৰখনক আঁজুৰি কৰা মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

Related News