NORTHEAST NOW (Assamese)
দেশ

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2023 4:12 pm
Rahul Gandhi

সাংসদ পদ কাৰিজৰ পিছতেই আজি শাসকীয় বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। নিজৰ মন্তব্যত এতিয়াও অটল কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপিৰ আদৰ্শগত গুৰু চাভাৰকাৰৰ উদাহৰণ দি কেতিয়াও ক্ষমা নোখোজে বুলি স্পষ্ট কৰি দিয়ে।

কংগ্ৰেছ নেতাগৰাকীক বিজেপিয়ে ক্ষমা খুজিবলৈ দাবী জনোৱাৰ পিছত বিজেপিৰ দাবীৰ প্ৰতি সঁহাৰি দি গান্ধীয়ে কয়, “মোৰ নাম চাভাৰকাৰ নহয়, মই গান্ধী। মই ক্ষমা নোখোজোঁ।”

গান্ধীয়ে লগতে সংসদত তেওঁৰ পৰৱৰ্তী ভাষণৰ বাবে প্ৰধানমন্ত্ৰী মোদী শংকিত হৈছে ইয়াৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হৈছে বুলি দাবী কৰে। মোদীক লক্ষ্য কৰি গান্ধীয়ে কয়, “তেওঁৰ চকুত ভয় দেখা পাইছো। সেয়েহে তেওঁলোকে মই সংসদত কথা কোৱাটো নিবিচাৰে।”

ইফালে গান্ধীৰ কেম্ব্ৰিজ ভাষণক সমালোচনা কৰি তেওঁ দেশৰ আভ্যন্তৰীণ কাৰ্যত আন্তঃৰাষ্ট্ৰীয় শক্তিৰ হস্তক্ষেপ বিচৰা বুলি বিজেপিয়ে তোলা অভিযোগো অস্বীকাৰ কৰে ৰাহুল গান্ধীয়ে।

লণ্ডনত কৰা মন্তব্যক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত সদনৰ মজিয়াত উত্তৰ দিয়াৰ বাবে সুযোগ দিবলৈ অধ্যক্ষক অনুৰোধ জনোৱা বুলিও তেওঁ মন্তব্য কৰে।

গান্ধীয়ে লগতে কয় যে তেওঁ মাত্ৰ এটা পথতেই খোজ আগবঢ়াইছে আৰু সেয়া হৈছে সত্যৰ বাবে যুঁজ দি দেশৰ গণতান্ত্ৰিক স্বৰূপ ৰক্ষা কৰা।

“মোক আজীৱন সংসদত অযোগ্য কৰি দিয়া হওক, মোক আজীৱন কাৰাগাৰত ভৰাই থোৱা হওক, তথাপি মই আগবাঢ়ি যাম” বুলিও হুংকাৰ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে।