NORTHEAST NOW (Assamese)
Popular Stories

কোভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ ৩ মহিলাসহ ৮ গৰাকীৰ মৃত্যু, ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2020 11:47 am
fire-1

গুজৰাটৰ আহমেদাবাদৰ এখন কোভিড হাস্পতালত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

আগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৮ গৰাকী ৰোগী। ইয়াৰে তিনি গৰাকী মহিলা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি আহমেদাবাদৰ নভৰংপুৰাৰ শ্ৰে ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন কোভিড হাস্পতাললৈ ৰূপান্তৰ কৰাৰ পিছত বহু কোভিড ৰোগী তাত চিকিৎসাধীন হৈ আছিল।

আজি(বৃহস্পতিবাৰ) পুৱা ৩.৩০ মান বজাত উক্ত কোভিড চিকিৎসালয়খনৰ এটা আই চি ইউৰ পৰা ধোঁৱা নিৰ্গত হোৱা প্ৰত্যক্ষ কৰে হাস্পতালখনত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে।

ধোঁৱা নিৰ্গত হোৱাৰ লগে লগে আই চি ইউটোৰ সংলগ্ন ৱাৰ্ডটোলৈকো সম্প্ৰসাৰিত হৈ পৰে জুই।

ইয়াৰ পিছতে সমগ্ৰ হাস্পতালখনত ক’লা ধোঁৱাই আগুৰি ধৰে। আৰু হাস্পতালখনৰ ভিতৰত থকা ৰোগীসকলে প্ৰাণ বচাবলৈ চিঞৰ বাখৰ কৰি বাহিৰলৈ উলাবলৈ ধৰে।

অগ্নিকাণ্ডৰ খবৰ পায়ে স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে কেবাখনো অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে।

কিছুসময়ৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও আই চি ইউ কক্ষত থকা ৮ গৰাকী কোভিড ৰোগী অগ্নিদগ্ধ হৈ মৃত্যু হয়।

উক্ত মৃত ৮ গৰাকী ৰোগীৰ মাজত ৩ গৰাকী মহিলাও আছিল।

ইতিমধ্যে এই শোকাৱহ আগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলিও ঘোষণা কৰিছে।

এতিয়ালৈকে অগ্নিকাণ্ডটো কেনেকৈ সূত্ৰপাত ঘটিল সেয়া জানিব পৰা হোৱা নাই।