NORTHEAST NOW (Assamese)
Popular Stories

‘মোৰ ল’ৰাটোক অত্যাচাৰ কৰা হৈছিল’- বিমানবন্দৰত এইদৰে চিঞৰি উঠিল অতুল সুভাষৰ মাতৃয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 11, 2024 9:12 pm

বেংগালুৰুৰ আত্মঘাতী অভিযন্তা অতুল সুভাষ বিমানবন্দৰত অজ্ঞান হৈ পৰিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল।

যোৱা ৯ ডিচেম্বৰত বেংগালুৰুত ৩৪ বছৰীয়া অতুলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰৰ মাজেৰে তেঁও পাৰ হৈ গৈছিল। পত্নী আৰু শহুৰেকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰে যুৱকজনে। মৃত্যুৰ পূৰ্বে তেওঁ লিখিছিল ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোট। ইয়াৰ উপৰিও অতুল ডেৰ ঘণ্টাৰ ভিডিঅও ৰেকৰ্ডিং কৰিছে। তাতেই পত্নী আৰু পৰিয়ালৰ বিৰুদ্ধে তেওঁ কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ পৰা অহা অতুল কৰ্মসূত্ৰে বাংগালুৰুত বাস কৰিছিল। বুধবাৰে তেওঁৰ পিতৃ-মাতৃয়ে পাটনা বিমানবন্দৰৰ পৰা বেংগালুৰু অভিমুখে ৰাওনা হয়।

ছুইচাইড নোটত অতুলে কয় যে বিগত এবছৰ ধৰি আদালতৰ ভিতৰত আৰু বাহিৰত যুঁজ দি থাকিব লগা হৈছে। তেওঁৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে ধন দাবী, যৌন সম্পৰ্ক আৰু হত্যাৰ চেষ্টাৰ ভুৱা গোচৰ ফ্ৰেমৱৰ্ক কৰিছে বুলি পত্ৰখনত অতুলে লিখিছে। বিবাহ বিচ্ছেদত তেওঁৰ পৰাও বিপুল পৰিমাণৰ ধন দাবী কৰা হৈছে। মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যাৰ সিদ্ধান্ত ললে।

অতুলৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে। অতুলৰ পত্নী নিকিতা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰিও ১০৮ নং ধাৰাত আত্মহত্যাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আৰু ই জামিনহীন। নিকিতা আৰু তেওঁৰ পৰিয়ালক জেৰা কৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছে বেংগালুৰু আৰক্ষীৰ এটা দল।