NORTHEAST NOW (Assamese)

উত্তৰ-পূব ভাৰতৰ ২২ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক গতালে ম্যানমাৰে

May 15, 2020 11:24 pm · এন ই নাও নিউজ
Updated: May 15, 2020 11:36 pm

ম্যানমাৰ সেনা তাতমাদাৱে শুকুৰবাৰে ২২ গৰাকী “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক ভাৰতৰ হাতত গতাই দিছে।

ম্যানমাৰৰ চাগাইংস্থিত সূত্ৰ অনুসৰি মূলতঃ অসম আৰু মণিপুৰৰ এই ২২ গৰাকী উগ্ৰপন্থীক এক অজ্ঞাত স্থানত শুকুৰবাৰে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

ম্যানমাৰে গতাই দিয়াসকলৰ ভিতৰত আছে এন ডি এফ বি (এছ)ৰ স্বয়ম্ভূ গৃহ মন্ত্ৰী ৰাজেন দৈমাৰী, ইউ এন এল এফৰ স্বয়ম্ভূ কেপ্তেইন চানাত’ম্বা নিংথৌজাম আৰু PREPAK (Pro)ৰ লেফটেনেণ্ট পাচুৰাম লাইচৰাম।

সূত্ৰসমূহে জনোৱা মতে, এই ২২ গৰাকী উগ্ৰপন্থীক ম্যানমাৰৰ চাগাইং ডিভিজনত যোৱা কেইটামান সপ্তাহত ধৰা পেলোৱা হৈছিল।

ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া এই ২২ গৰাকী বিদ্ৰোহীৰ ১২ গৰাকী মণিপুৰৰ চাৰিটা পৃথক গোট– UNLF, PREPAK (Pro), KYKL আৰু PLAৰ।

ছজন বিদ্ৰোহী এন ডি এফ বি (এছ)ৰ আৰু চাৰিজন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ।

এয়ে প্ৰথমবাৰৰ বাবে ম্যানমাৰ সেনাই উত্তৰ-পূবৰ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক গতাই দিছে।

আলফাকে ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো বিদ্ৰোহী গোটে আপাৰ ম্যানমাৰত বিশেষকৈ কাচিনত থকা প্ৰশিক্ষণ শিৱিৰৰ পৰা কাম-কাজ চলায়।

মণিপুৰৰ উগ্ৰপন্থীকেইজনক ইম্ফালত গতাই দিয়া বুলি উল্লেখ কৰি সূত্ৰসমূহে জনোৱা মতে এখন বিশেষ বিমানেৰে তেওঁলোকক লৈ অহা হৈছে।

গুৱাহাটীত এন ডি এফ বি (এছ)ৰ ছজন উগ্ৰপন্থীক অসম আৰক্ষীয়ে জিম্মাত লোৱা বিপৰীতে কে এল অ’ৰ সদস্যসকলক পশ্চিম বংগ আৰক্ষীক গতাই দিয়া হ’ব।

ম্যানমাৰত বিচ্ছিন্নতাবাদী গোটসমূহৰ বিৰুদ্ধে ভাৰত আৰু ম্যানমাৰে চলোৱা ঐক্যবদ্ধ অভিযানৰ অংশৰূপে শুকুৰবাৰে ম্যানমাৰ সেনাই উগ্ৰপন্থীকেইজনক গতাই দিয়ে।

যোৱা বছৰৰ ফেব্ৰুৱাৰিত কাচিনত থকা ভাৰতৰ উগ্ৰপন্থী গোটসমূহৰ বিৰুদ্ধে ম্যানমাৰ সেনাই এলানি অভিযান চলাইছিল, আৰু এক ডজনতকৈয়ো অধিক প্ৰশিক্ষণ শিৱিৰ ধ্বংস কৰিছিল।

Related News