NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মিজোৰাম সীমান্তত ম্যানমাৰৰ বিমান আক্ৰমণ! সীমান্তৱৰ্তী মিজো গাঁৱত আতংকৰ ছাঁ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2023 11:37 am
Myanmar Air Strikes Near Mizoram

ভাৰত-ম্যানমাৰ সীমান্তৰ মিজোৰামৰ চম্পাই জিলাত মঙলবাৰে বিমান আক্ৰমণ চলায় ম্যানমাৰ সেনাই। ভাৰতৰ সীমান্তত থকা বিদ্ৰোহী সংগঠনৰ শিবিৰত ম্যানমাৰ সেনাৰ বোমা বিস্ফোৰণৰ পিছত আতংকই জুৰুলা কৰিছে সীমান্তৱৰ্তী গাঁওখনত।

প্ৰকাশিত খবৰ অনুসৰি সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় গাঁওখনত ম্যানমাৰৰ জুণ্টা বাহিনীয়ে দেশখনৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় বিদ্ৰোহী গোট চিন নেশ্যনেল আৰ্মীৰ সামৰিক মুখ্য কাৰ্যালয় কেম্প ভিক্টোৰিয়াত আকাশী আক্ৰমণ চলায়।

এই বিমান আক্ৰমণত চিন নেশ্যনেল আৰ্মীৰ ৫ কেডাৰ নিহত হয়। আক্ৰমণৰ পাছতে আছাম ৰাইফলছৰ এগৰাকী বিষয়াই অৱশ্যে ভাৰতীয় পক্ষৰ ওপৰত আকাশী আক্ৰমণৰ কোনো প্ৰভাৱ পৰা নাই বুলি সদৰী কৰে।

আনহাতে এই আক্ৰমণত স্থানীয় গাঁওবাসী শংকিত হৈ পৰাৰ পাছতে নাগৰিক সমাজৰ সংগঠন ইয়ং মিজো এছ’চিয়েশ্যনে ভাৰত চৰকাৰক জুণ্টা বাহিনীৰ এই অভিযানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত ইয়ং মিজো এছ’চিয়েশ্যনে কয়, “ভাৰতৰ ভূমি আৰু আকাশমাৰ্গ উভয়তে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ বাবে ম্যানমাৰৰ সামৰিক চৰকাৰক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো।”

“ভাৰত চৰকাৰে ম্যানমাৰৰ সামৰিক জেট যুঁজাৰু বিমানে ভাৰতীয় মাটি আৰু ভাৰতীয় আকাশমাৰ্গৰ ওপৰেৰে চলোৱা বোমা বিস্ফোৰণ বন্ধ কৰাৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ ইয়ং মিজো এছ’চিয়েশ্যনে তীব্ৰ দাবী জনাইছে।” বিবৃতিত লগতে এইদৰে উল্লেখ কৰে ইয়ং মিজো এছ’চিয়েশ্যনে।