NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জনপ্ৰিয় গায়িকা তথা ৰক এন ৰোলৰ কিংবদন্তী এলভিছ প্ৰেছলীৰ কন্যা লিজা মেৰী প্ৰেছলীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2023 10:34 am
Lisa Marie Presley

জনপ্ৰিয় আমেৰিকান গায়িকা তথা গীতিকাৰ লিজা মেৰী প্ৰেছলীৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সংগীতজ্ঞগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ লছ এঞ্জেলছৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে লিজা মেৰী প্ৰেছলী ৰক এন ৰোলৰ কিংবদন্তী এলভিছ প্ৰেছলীৰ একমাত্ৰ কন্যা। লিজাৰ মাতৃ প্ৰিচিলা প্ৰেছলীয়ে এক বিবৃতিত লিজা মেৰীৰ মৃত্যুৰ খবৰ সদৰী কৰে। মৃত্যুৰ সময়ত লিজা মেৰী প্ৰেছলীৰ বয়স আছিল ৫৪ বছৰ।

জনপ্ৰিয় আমেৰিকান মনোৰঞ্জনধৰ্মী ৱেবছাইট টিএমজেডৰ মতে, লছ এঞ্জেলছৰ উপকণ্ঠ অঞ্চল কেলাবাছাছস্থিত নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল লিজা মেৰী প্ৰেছলীৰ। ইয়াৰ পিছতে তেওঁক তৎকালীলভাৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

১৯৬৮ চনত জন্মগ্ৰহণ কৰা লিজা মেৰী প্ৰেছলীয়ে ২০০৩ চনত “টু হুম ইট মে কনচাৰ্ণ” এলবামৰ জৰিয়তে সংগীত কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তেওঁৰ ২০০৫ চনত মুক্তি পোৱা “নাউ ৱাট” এলবামে বিলবোৰ্ড ২০০ এলবাম চাৰ্টৰ শীৰ্ষ ১০ টা স্থান দখল কৰে।

২০১২ চনত মুক্তি পায় তেওঁৰ তৃতীয়টো এলবাম “ষ্টৰ্ম এণ্ড গ্ৰেচ”। চাৰিবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা লিজা মেৰী প্ৰেছলীয়ে প্ৰথম স্বামী সংগীতজ্ঞ ডেনি কিউৰ সৈতে বিবাহ বিচ্ছেদৰ মাত্ৰ ২০ দিনৰ পিছত ১৯৯৪ চনত পপ তাৰকা মাইকেল জেকচনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

১৯৯৬ চনত জেকচন শিশু নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱাৰ সময়তে হাই প্ৰফাইল দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়। ২০০২ চনত প্ৰেছলীয়ে পুনৰ অভিনেতা নিকোলাছ কেজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ চতুৰ্থ বিবাহ হৈছিল গীটাৰিষ্ট আৰু সংগীত প্ৰযোজক মাইকেল লকউডৰ সৈতে। অৱশ্যে ২০২১ চনত তেওঁলোকৰ সংসাৰ ভাগে।