NORTHEAST NOW (Assamese)
Popular Stories

স্বাস্থ্য মন্ত্ৰীৰ ব্যৰ্থতাৰ বাবেই গুৱাহাটীত দিব লগা হ’ল পুনৰ ল’কডাউন : হিমন্তক কটাক্ষ তৰুণ গগৈৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 28, 2020 4:41 pm
Never seen present disaster in Assam history: Former CM Tarun Gogoi

“স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ বাবে সমগ্ৰ ভাৰতত lockdown শিথিল কৰাৰ সময়ত গুৱাহাটীত কঠোৰ lockdown দিব লগীয়া হৈছে। এই কাৰ্যক নিন্দা কৰিছো।” প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰি এইদৰে হিমন্তক কটাক্ষ কৰে।

গগৈৰ মতে “গুৱাহাটীত এই ল’কডাউনৰ সময়ছোৱাত সাধাৰণ খাটি খোৱা লোক সকলৰ অৱস্থা অধিক শোচনীয় হ’ব।”

ইপিনে, প্ৰত্যেকখন সংবাদমেলত জনসাধাৰণক মাস্ক পিন্ধিবলৈ বাৰম্বাৰ অনুৰোধ কৰি অহা স্বাস্থ্য মন্ত্ৰীয়ে নিজে মাস্ক নিপিন্ধে বুলি অভিযোগ কৰে গগৈয়ে।

“কালি তেওঁ পৰিয়ালসহ কামাখ্যা মন্দিৰলৈ গৈছে। তাকো মাস্ক নিপিন্ধাকৈ। স্বাস্থ্য মন্ত্ৰীয়েই যদি নিজে নিয়ম নামানে কোনে মানিব। তেতিয়া আৰক্ষীয়ে কি কৰি আছিল?” হিমন্তক সমালোচনা কৰি গগৈয়ে সংবাদমেলত কয়।

তেওঁ আৰু কয় “যি খুচি তাকেই কৰিছে চৰকাৰে। dictatorship বুলিয়েই কওক বা যিয়েই কওক এই কাৰ্যৰ বাবে ৰাইজৰ বিপদ হৈছে।”

ইপিনে, মহানগৰীৰ বজাৰত এতিয়া নিয়ন্ত্ৰণ নাই বুলিও গগৈয়ে উল্লেখ কৰে।

“lockdown ৰ পৰা বেমাৰো ৰোধিব নোৱাৰিলে, অৰ্থনীতিও মাৰ খালে” গগৈয়ে এইদৰে কয়।

“হিমন্তই কৈছে হাস্পতালত বিচনা নাই কাৰণে ল’ক ডাউন দিবলগীয়া হৈছে৷ হাস্পতালত বিচনা নোহোৱাৰ বাবে জগৰীয়া কোন? ইমান দিনে স্বাস্থ্যমন্ত্ৰী হিমন্তই কি কৰি আছিল? কেৱল তলৌতলৌকৈ ঘূৰি ফুৰিলে?” গগৈয়ে হিমন্তলৈ প্ৰশ্ন কৰি কয়।

ইপিনে, হিমন্ত বিশ্বৰ বাহিৰে বাকী কোনো মন্ত্ৰীৰ অস্তিত্ব নাই বুলি সদৰী কৰি গগৈয়ে আৰু কয় “এইখন অসমৰ ইতিহাসৰ প্ৰথম চৰকাৰ য’ত মাত্ৰ এগৰাকী efficient মুখ্যমন্ত্ৰী আছে। মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰন নাই। তেওঁ সাক্ষীগোপাল মুখ্যমন্ত্ৰী।’