NORTHEAST NOW (Assamese)

ম্যানমাৰ প্ৰতিবাদ : সাত বছৰীয়া ছোৱালীক গুলিয়াই হত্যা কৰিলে সেনাবাহিনীয়ে

March 24, 2021 11:24 am · এন ই নাও নিউজ

ম্যানমাৰৰ সুৰক্ষা বাহিনীয়ে এজনী সাত বছৰীয়া ছোৱালীক হত্যা কৰিছে।

ছোৱালীজনী দেশখনৰ এক ফেব্ৰুৱাৰীত সংঘটিত হোৱা সামৰিক উত্থানৰ প্ৰতিবাদত আৰম্ভ হোৱা বিক্ষোভত সুৰক্ষা বাহিনীৰ গুলিত মৃত্যু হোৱা লোকসকলৰ মাজত আটাইতকৈ কম বয়সীয়া হিচাপে বিবেচিত হৈছে।

চান ম্যা থাজি নামৰ টাউনশ্বিপখনত সাত বছৰীয়া ছোৱালীজনীৰ মৃত্যু হয়।

ছোৱালীজনীৰ নাম খিন ম্য চিট বুলি জনা গৈছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিমতে, সৈনিকে তাইৰ দেউতাকলৈ লক্ষ্য কৰি গুলি কৰিছিল, কিন্তু গুলিটো গৈ তাইৰ গাত লাগে।

সেই সময়ত তাই ঘৰৰ ভিতৰত দেউতাকৰ কোঁচত বহি আছিল।

গুলি লগাৰ পাছত চিকিৎসাৰ বাবে উদ্ধাৰকাৰী দল এটাই তাইক লৈ গৈছিল যদিও আদবাটতে শেষ নিঃশ্বাস ত্যাগ কৰে।

পৰিয়ালৰ সদস্যই কয় যে তাইৰ ১৯ বছৰীয়া এজন ককায়েককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সৈন্যবাহিনীয়ে ঘটনাটোৰ সম্পৰ্কত এতিয়ালৈকে মুখ খোলা নাই।

মানৱ অধিকাৰ সংস্থাসমূহে কৈছে যে বৰ্তমানলৈকে ২০তকৈও অধিক শিশুৰ সুৰক্ষা বাহিনীৰ গুলিত প্ৰাণহানি ঘটিছে।

আনহাতে, এছিষ্টেন্স এছ’চিয়েচন ফৰ পলিটিকেল প্ৰিজনাৰ (এএপিপি) নামৰ মানৱ অধিকাৰ সংস্থাটোৰ মতে, মৃতকৰ সংখ্যা কমেও ২৬১জন হৈছেগৈ।

সৈন্যবাহিনীয়ে মঙলবাৰে মৃত্যু হোৱা প্ৰতিবাদীসকলৰ বাবে দুখপ্ৰকাশ কৰিছে কিন্তু প্ৰতিবাদকাৰীসকলে দেশখনলৈ নৈৰাজ্যবাদ অনাৰ অভিযোগত গৰিহণা জনাইছে।

সৈন্যবাহিনীৰ এজন মুখপাত্ৰই কয় যে সামৰিক অভ্যুত্থানবিৰোধী বিক্ষোভটো সকলো হিংসাৰ বাবে জগৰীয়া।

Related News