NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত উলহ-মালহেৰে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2023 8:01 pm
ম্যানমাৰত উলহ-মালহেৰে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ

বৌদ্ধ সংখ্যাগৰিষ্ঠ ম্যানমাৰৰ হাজাৰ হাজাৰ হিন্দু পৰিয়ালেও সীমিত সম্পদেৰে মাতৃ দেৱী দুৰ্গাক পূজা কৰিবলৈ আয়োজন কৰিছে শাৰদীয় দুৰ্গা পূজাৰ। 

বাংলাদেশৰ সীমান্তৱৰ্তী পশ্চিম ম্যানমাৰৰ ৰাখাইন বা আৰাকান ৰাজ্যৰ সনাতনী হিন্দুসকলে তিনিদিন ধৰি এই পবিত্ৰ উৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰে। 

মাউংডাও, বুথিডাউং, কিয়াউক টাউ, পন্না ক্যুন্ট, কিয়াউক ফ্যুৰ উপৰিও ইয়াৰ ৰাজধানী চহৰ চিট্টৱেত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে।

শক্তিৰ দেৱী দুৰ্গাক পূজা কৰাটো দক্ষিণ-পূব এছিয়াৰ হিন্দু জনগোষ্ঠীৰ বাবে এক ডাঙৰ ধৰ্মীয় অনুষ্ঠান। 

কলকাতা, অসম, আগৰতলা বা ঢাকাত দেৱী মাৰ মাটিৰ মূৰ্তি প্ৰদৰ্শন কৰা বিশাল দুৰ্গা পূজা মণ্ডপৰ বিপৰীতে ম্যানমাৰী লোকসকলে স্থায়ী মন্দিৰত এই উৎসৱ পালন কৰিছে। গতিকে, মূৰ্তি বিসৰ্জন কৰাকে ধৰি দশমী পূজাৰ অনুষ্ঠান তেওঁলোকে পৰিহাৰ কৰিব।