NORTHEAST NOW (Assamese)

Myanmar: ম্যানমাৰত ৪ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে জুন্টা চৰকাৰে

July 25, 2022 1:03 pm · এন ই নাও নিউজ, গুৱাহাটী

Myanmar junta executes four democracy activists ম্যানমাৰৰ জুন্টা চৰকাৰে চাৰিজন গণতন্ত্ৰপন্থী কৰ্মীক মৃত্যুদণ্ড দিছে। কেইবাটাও দশকৰ ভিতৰত এইটো প্ৰথম ম্যানমাৰত চৰম শাস্তি কাৰ্যকৰী কৰাৰ ঘটনা।

মৃত্যুদণ্ড দিয়াসকল হৈছে প্ৰাক্তন সাংসদ ফিও জেয়া থাও, লেখক আৰু কৰ্মী কো জিমি, হ্লা মায়ো আং আৰু আং থুৰা জাও। তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আৰোপ কৰা হৈছিল।

লগতে পঢ়ক: Droupadi Murmu takes oath: ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে; দেশবাসীক উদ্দেশ্যি কি ক’লে নতুন ৰাষ্ট্ৰপতিয়ে?

ম্যানমাৰৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যম গ্ল’বেল নিউজ লাইট অফ ম্যানমাৰৰ প্ৰতিবেদন অনুসৰি সন্ত্ৰাসবাদৰ নিৰ্মম আৰু অমানৱীয় কাৰ্য্য সংঘটিত কৰাৰ নিৰ্দেশনা,ব্যৱস্থা আৰু ষড়যন্ত্ৰৰ বাবে চাৰিজনক মৃত্যুদণ্ড দিয়া হৈছে।

ইপিনে, ৰাষ্ট্ৰসংঘই চাৰিজন গণতন্ত্ৰপন্থী কৰ্মীক মৃত্যুদণ্ড দিয়াক গৰিহণা দিছে।  ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্ট’নিও গুটেৰেছে চাৰিজন লোকক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্তক “জীৱনৰ অধিকাৰ, স্বাধীনতা আৰু ব্যক্তিৰ সুৰক্ষাৰ” স্পষ্ট উলংঘন বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: Assam may face LPG shortage: ৰন্ধন গেছৰ নাটনি! এল পি জি পৰিবহন সংস্থাৰ ধৰ্মঘটৰ ফলত আৱদ্ধ চিলিণ্ডাৰ কঢ়িওৱা বাহন

ইয়াৰ পূৰ্বে যোৱা জুনত সামৰিক বাহিনীৰ দ্বাৰা প্ৰথম মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছিল। তাৰ পিছতে বিশ্বব্যাপী নিন্দাৰ সন্মুখীন হয় ম্যানমাৰৰ জুন্টা চৰকাৰ। 

Related News