NORTHEAST NOW (Assamese)

ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ ৰাজধানীৰ আশে-পাশে থকা গাঁওসমূহ খালী কৰাৰ নিৰ্দেশ জুন্টাৰ

June 16, 2024 12:15 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ ৰাজধানী ছিত্তেৰ আশে-পাশে থকা গাঁওসমূহ খালী কৰাৰ নিৰ্দেশ দিছে সামৰিক শাসক জুন্টাই।

শেহতীয়াকৈ দেশখনৰ জুন্টা বিৰোধী বিদ্ৰোহী সংগঠন আৰাকান সেনাই ছিত্তে নিয়ন্ত্ৰণ কৰাৰ ভাবুকি দিয়াৰ পিছতে জুন্টাই সকলোকে গাঁও এৰি চহৰলৈ যাবলৈ নিৰ্দেশ দিছে।

ৰাখাইনত আৰাকান সেনাৰ হাতত বহু ভূখণ্ড হেৰুৱাইছে জুন্টাই।

লগতে পঢ়কঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তথা সচিবালয়ৰ সমীপৰ পৰিত্যক্ত গৃহত ভয়ংকৰ অগ্নিকাণ্ড

আৰাকান সেনাই ছিত্তে নিয়ন্ত্ৰণ কৰাৰ ভাবুকি দিয়াৰ পিছত জুন্টাই তাত ১৫খন গাঁৱৰ বাসিন্দাক ৰাজধানীলৈ গুচি যাবলৈ পাঁচ দিনৰ সময় দিছে।

ছিত্তেৰ সমীপৱৰ্তী এখন গাঁৱৰ এজন বাসিন্দাই জনোৱা মতে, শনিবাৰৰ পিছত গাঁওখনত যিকোনো ব্যক্তিক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছে সেনাই।

শনিবাৰে পুৱা ১০ বজাৰ ভিতৰত শেষবাৰৰ বাবে গাঁওসমূহ খালী কৰিবলৈ সময় বান্ধি দিয়া হৈছে।

লগতে পঢ়কঃ আলিপুৰদুৱাৰ–লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ মৰিয়নিলৈকে সম্প্ৰসাৰণ; ছাব্ৰুমৰ পৰা চলিব কাঞ্চনজংঘা এক্সপ্ৰেছ

এই নিৰ্দেশ গাঁৱৰ ৰাইজৰ সুৰক্ষাৰ বাবে দিয়া হৈছে। এই গাঁওসমূহত চাৰে তিনি হাজাৰৰো অধিক লোকে বাস কৰে। অৱশ্যে এই লোকসকলৰ বাবে কোনো ধৰণৰ থকাৰ ব্যৱস্থা কৰা হোৱা নাই। 

Related News