NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী অসুস্থ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2023 7:45 am

কাৰাগাৰত অসুস্থ হৈ পৰিছে ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং ছান ছ্যু কী। আন্তৰ্জাতিক সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে।

ম্যানমাৰৰ কাৰাবন্দী প্ৰাক্তন নেত্ৰী আং ছান ছ্যু কী অসুস্থ আৰু তেওঁ বাহিৰৰ এজন চিকিৎসকক তেওঁক চাবলৈ অনুৰোধ জনাইছে বুলি বিষয়টোৰ সৈতে পৰিচিত আৰু ছায়া চৰকাৰৰ আনুগত্যশীল এক সূত্ৰই জনাইছে।

কিন্তু দেশৰ সামৰিক শাসকে তেওঁৰ এই অনুৰোধ নাকচ কৰিছে। ৭৮ বছৰীয়া নোবেল বঁটা বিজয়ী গৰাকীক কাৰাগাৰৰ এজন চিকিৎসকে চিকিৎসা প্ৰদান কৰিছে।

ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং ছান ছ্যু কী-ক ‘গণ বিক্ষোভত উচটনি দিয়া’ আৰু ‘ক’ভিড বিধি উলংঘা কৰাৰ বাবে দিয়া চাৰি বছৰৰ কাৰাদণ্ড শেহতীয়াকৈ দুবছৰলৈ হ্ৰাস কৰা হৈছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছত কাৰাগাৰত বন্দী ছ্যু কীয়ে দুৰ্নীতি আৰু চৰকাৰী গোপনীয়তা আইন উলংঘাকে ধৰি ১১টা অভিযোগৰ সন্মুখীন হৈছে। প্ৰথমটো গোচৰত দুটা অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহা হয়।