NORTHEAST NOW (Assamese)

বেংগালুৰুত অসমৰ চাৰি যুৱকৰ ৰহস্যজনক মৃত্যু: বন্ধ কোঠাত উদ্ধাৰ মৃতদেহ

January 31, 2026 3:01 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্মৰ সন্ধানত সুদূৰ বেংগালুৰুলৈ যোৱা অসমৰ চাৰিজনকৈ যুৱকৰ এক বন্ধ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেংগালুৰুৰ চুলিবেলে আৰক্ষী থানাৰ অন্তৰ্গত মুটছান্দ্ৰা গাঁৱৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, নিহত আটাইকেইজন যুৱকৰ ঘৰ লখিমপুৰ জিলাত। তেওঁলোকক ক্ৰমে জয়ন্ত চিন্তে (২৫), নৰেন্দ্ৰনাথ টাইড (২৪), ডক্টৰ টাইড (২৫) আৰু ধনঞ্জয় টাইড (২০) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই যুৱককেইজনে বেংগালুৰুৰ এটা শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীৰ গুদামত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। তেওঁলোকে মুটছান্দ্ৰা গাঁৱৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল। জানিব পৰা মতে, শুকুৰবাৰে কাম শেষ কৰি নিশা তেওঁলোকে কোঠাত শুই পৰিছিল, কিন্তু শনিবাৰে পুৱা কোঠাটোৰ ভিতৰত চাৰিওজনকে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। চুলিবেলে আৰক্ষীয়ে ইতিমধ্যে এই শোকাৱহ তথ্য নিশ্চিত কৰিছে।

যুৱককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। অৱশ্যে আৰক্ষীয়ে এয়া এক দুৰ্ঘটনাজনিত মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। বন্ধ কোঠাত কোনো বিষাক্ত গেছ নিৰ্গত হোৱা বা আন কোনো কাৰণত শ্বাসৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত এক বিতং তদন্ত অব্যাহত ৰাখিছে।

Related News