NORTHEAST NOW (Assamese)
অসম

মূৰত হাতুৰীৰে কোৱাই হত্যাৰ চেষ্টা চলোৱা হৈছিল দেৱীনা বৰুৱাক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 9, 2019 6:43 am
1492547_492495490865265_1138277907_o

মহানগৰীৰ ৰুক্মিণীনগৰৰ ভাড়াঘৰত হত্যাৰ চেষ্টা চলোৱা দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকীৰ অৱস্থা বৰ্তমান অতি সংকটজনক।

দুৰ্বৃত্তই হাতুৰী সদৃশ আহিলাৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

বৰ্তমানো চুপাৰমাৰ্কেটস্থিত জিএনআৰচিত চিকিৎসাধীন হৈ আছে দেৱীনা।

‘তেওঁক হাতুৰীৰ নিচিনা আহিলাৰে মাৰ-পিট কৰিছিল।‘ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

ইপিনে, সমগ্ৰ ঘটনাৰ তদন্তৰ স্বাৰ্থত বৃহস্পতিবাৰে দেবীনাৰ প্ৰেমিক শোণিত গোস্বামীক গ্ৰেপ্তাৰ কৰিছে দিচপুৰ আৰক্ষীয়ে।

শোণিত গোস্বামীৰ ঘৰ মহানগৰীৰ ছয়মাইলত।

অৱশ্যে, দেৱীনাৰ প্ৰেমিক শোণিতে দেৱীনাৰ ওপৰত চলোৱা আক্ৰমণৰ সৈতে জ়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও দেবীনা সুস্থ হৈ উঠিলেহে আচল ৰহস্য পোহৰলৈ আহিব।

বৰ্তমানো শোণিতক আৰক্ষীৰ জিম্মাত ৰাখি সোধ-পোছ অৱ্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে দিচপুৰ আৰক্ষীয়ে।

ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে দেৱীনাৰ পৰিয়ালৰ লোকে দিচপুৰ থানাত এক গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, দেবীনাৰ ঘৰ মহানগৰীৰ হাতীগাঁৱৰ লখিমী পথত। তথাপি বিগত এটা বছৰে দেৱীনা কিয় ভাৰাঘৰত আছিল সেয়াও বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, মহানগৰীৰ হাতীগাঁৱৰ দেৱীনাৰ বাসগৃহৰ নামত বৃহৎ পৰিমাণৰ ধন ঋণ লৈছিল।

বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত তেওঁৰ গৃহটো বেংকে জব্দ কৰা বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে।

অৱশ্যে, সমগ্ৰ ঘটনাৰ ৰহস্য তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি দাবী আৰক্ষী আয়ুক্তৰ।

তেওঁ কয়, ‘তদন্ত চলি আছে। কিছুমান তথ্য লাভ কৰা হৈছে, কিছু তথ্য উদ্ধাৰৰ বাবে তদন্ত কৰি থকা হৈছে। যি দেৱীনাৰ ৰুমত গৈছিল, সি কোনো চুৰ, লুটপাত চলাবৰ বাবে যোৱা নাছিল, তেওঁক হত্যা কৰিবৰ বাবেই গৈছিল।‘

তেওঁ লগতে কয়, ‘যি আক্ৰমণৰ বাবে গৈছিল তেওঁ কোনটো ৰাস্তাৰে গৈছে, ক’ত শোৱে সকলো কথা জানে। গতিকে আমি এই গোচৰটো সমাধান কৰিব পাৰিম।‘

উল্লেখযোগ্য যে, ৰুক্মিণী নগৰৰ নামঘৰ পথৰ হাউছ নং ৭ ৰ এটা ভাড়াঘৰত থকা দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকীক ভাড়াঘৰতে নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল।