NORTHEAST NOW (Assamese)
অসম

উৎসৱৰ বতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লৰ ব্যৱস্থা; কোভিড প্ৰট’কল মানি কৰিব লাগিব যাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 6:45 pm

উত্তৰ-পূব সীমান্ত ৰে’লৱে আগন্তুক দূৰ্গা পুজাৰ বাবে ১০ খন বিশেষ ৰে’ল চলোৱাৰ কথা পূৰ্বে ঘোষণা কৰাৰ উপৰিও বৰ্তমান আৰু দুখন বিশেষ ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে।

এই ৰে’ল দুখনে সপ্তাহত এদিনকৈ চলাচল কৰিব আৰু ২৮ নৱেম্বৰলৈ ইয়াৰ সেৱা অব্যাহত থাকিব।

নতুনকৈ চলাচল কৰিবলগীয়া উৎসৱ বিশেষ ৰে’ল দুখন হৈছে ক্ৰমে ০৪০৮৩/০৪০৮৪ কাটিহাৰ-দিল্লী স্পেচিয়েল আৰু ০১৬৬৫/০১৬৬৬ আগৰতলা-হবিগঞ্জ স্পেচিয়েল।

দিল্লী-কাটিহাৰ স্পেচিয়েল ৰে’লখন ২৩ অক্টোৱৰৰ পৰা সপ্তাহৰ প্ৰত্যোক শুকুৰবাৰে ২৩.০০ বজাত দিল্লীৰ পৰা ৰাওনা হ’ব আৰু পাছদিনা ২২.০০ বজাত কাটিহাৰত উপস্থিত হ’ব।

আনহাতে, ওভতনি যাত্ৰা যাত্ৰা হিচাপে কাটিহাৰ-দিল্লী বিশেষ ৰে’লখনে ২৪ অক্টোবৰৰ পৰা প্ৰত্যেক শনিবাৰে ২৩.৫০ বজাত কাটিহাৰ এৰিব আৰু পাছদিনা ২২.৫০ বজাত দিল্লীত উপস্থিত হ’ব।

ইপিনে, হাবিগঞ্জ-আগৰতলা বিশেষ ৰে’লখনে ২৮ অক্টোবৰৰ পৰা প্ৰতি বুধবাৰে ১৭.০০ বজাত হাবিগঞ্জৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰতি শুকুৰবাৰে ২১.৩০ বজাত আগৰতলাত উপস্থিত হ’ব।

উভতনি যাত্ৰা হিচাপে ৰে’লখনে সপ্তাহৰ প্ৰত্যেক শনিবাৰে ১৪.০০ বজাত আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে ১৭.১০ বজাত হবিগঞ্জ ষ্টেচনত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, এই ৰে’ল সমূহত কোনোধৰণৰ অসংৰক্ষিত ডবা নাথাকে। যাত্ৰীসকলে নিজা নিজা মোবাইলত আৰোগ্য সেতু এপ ডাউনলোড কৰিব লাগিব আৰু ষ্টেচন চৌহদ আৰু ৰে’লত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।