NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ডৰ সৌন্দৰ্যৰাণী লিভিকালি ছুমিৰ আকস্মিক মৃত্যু : শোকস্তব্ধ সমগ্ৰ ৰাজ্য

Posted by: এন ই নাও নিউজ November 1, 2018 12:52 pm
66444424

নাগালেণ্ডৰ সৌন্দৰ্যৰাণী লিভিকালি ছুমিৰ আকস্মিক মৃত্যুৱে সমগ্ৰ নাগালেণ্ডকেই শোকগ্ৰস্ত কৰি তুলিছে। ছুমিৰ মৃত্যুৰ বাতৰি পাই নাগালেণ্ডৰ বিভিন্ন অংশৰ পৰা তেওঁৰ নিকটাত্মীয়সকলৰ প্ৰতি গভীৰ সমবেদনাৰ বাৰ্তা আহিছে। এক সুন্দৰ ব্যক্তিত্ব আৰু প্ৰতিযোগিতাত প্ৰদৰ্শন লাভ কৰা সাফল্যৰ বাবে তেওঁৰ নাগালেণ্ডত বিশেষ পৰিচিতি আছে।

ছুমিয়ে ৰিগালিয়া এণ্টাৰটেইনমেণ্ট নাগালেণ্ডৰ প্ৰথম সংস্কৰণ জিৰ’ ম’ডেল হাণ্ট-২০১৫ৰ খিতাপ জয় কৰিছিল। তেওঁ ৰিগালিয়াৰ আনুষ্ঠানিক ম’ডল আছিল। তেওঁ মিছ ছুমি প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ-আপ খিতাপ আৰু ২০১৬ চনত মিছ পাৰ্ফেক্ট ১০ উপ-শিৰোনাম জয় কৰিছিল। একোটা বছৰতে এটা প্ৰখ্যাত কোম্পানিৰ তিনিটা খিতাপ জয় কৰা প্ৰথম ম’ডেল আছিল।

উক্ত কোম্পানিটোৰ উপৰিও তেওঁ আৰু ভালেমান খিতাপ জয় কৰিছিল। ২০১৬ চনতেই তেওঁ নৰ্থ ইষ্ট জুৱেল কুইনৰ ৰানাৰ-আপ খিতাপ জয় কৰিছিল। ২০১৫ চনৰ পৰাই নাগালেণ্ডৰ সৌন্দৰ্যৰাণীগৰাকীয়ে ভাএমান শিল্পীৰ সৈতে কাম কৰিছিল আৰু ভালেমান শ্ব’ত অংশগ্ৰহণ কৰিছিল।