NORTHEAST NOW (Assamese)
অসম

যুযুধান এন এছ চি এন (আই এম), এন এন পি জিক সংযত হোৱাৰ আহ্বান নাগৰিক সংস্থাৰ ||নাগা আলোচনা

Posted by: ভদ্ৰ গগৈ Updated by: ভদ্ৰ গগৈ October 19, 2019 10:47 pm
nscn_im Nagaland citizens’ group wants dialogue between NNPGs & NSCN (IM)

ফ’ৰাম ফৰ নাগা ৰিকনচিলিয়েচনে শনিবাৰে নাগা চূড়ান্ত চুক্তিত “সাৰ্বভৌমত্ব”জনিত বিষয়ক লৈ যুযুধান স্থিতি লোৱা জাতীয় গোটসমূহ বিশেষকৈ এন এছ চি এন (আই এম) আৰু এন এন পি জি (সমূহ)ক সংযত হোৱাৰ আহ্বান জনাইছে।

দুয়োটা সশস্ত্ৰ পক্ষৰ মাজৰ শেহতীয়া কাগজৰ যুদ্ধৰ পিছতে নাগা নাগৰিক সংস্থাটোৱে তেওঁলোকক আলোচনাত বহি মতপাৰ্থক্যসমূহ দূৰ কৰি উমৈহতীয়া ক্ষেত্ৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে।

পূৰ্বৰ সাৰ্বভৌম নাগাভূমিৰ স্থিতিৰ পৰা আঁতৰি অহা এন এছ চি এন (আই এম)এ “মূল বিষয়” সুকীয়া নাগা পতাকা আৰু সংবিধান অবিহনে চুক্তিক অৰ্থহীন আখ্যা দিছে।

বিপৰীতে সাতটা সশস্ত্ৰ নাগা গোটজৰিত এন এন পি জিয়ে পতাকা-সংবিধান এৰি নাগা বিষয়ৰ শীঘ্ৰ সমাধানৰ পোষকতা কৰিছে।

এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰতৰ চৰকাৰৰ সৈতে আলোচনাত থকাৰ বিপৰীতে ২০১৭ চনৰ ১৭ নৱেম্বৰত এন এন পি জি আৰু কেন্দ্ৰ আলোচনাৰ পৰিসীমাক লৈ সহমতত উপনীত হৈছিল।

আহ্বানটোত ফৰামে এন এছ চি এন (আই এম) আৰু এন এন পি জিক “মিডিয়াত বিবাদ”ৰ পৰা আঁতৰি থাকিবলৈয়ো আহ্বান জনাইছে।

“ই নাগা সমাজৰ কেৱল ক্ষতি কৰিছে আৰু আমাক অধিক বিভাজনসংকুল কৰি তুলিছে,” সংস্থাটোৱে কয়।

নাগা শান্তি পুনৰ স্থাপনকাৰী চুক্তিৰ ক্ষেত্ৰত সকলো গোটৰে প্ৰচেষ্টাৰ শলাগ লৈ ফৰামে কয়, “আমি বিশ্বাস কৰো যে আনকি এই কঠিন পৰিস্থিতিটো শান্তি পুনৰ স্থাপনৰ নীতি সৰ্বাংগৰূপত (in letter and spirit) তুলি ধৰা হ’ব।”

আলোচনাটোত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী, ৰাজ্যপাল আৰ এন ৰৱিয়ে অক্তোবৰ মাহৰ ভিতৰতে চূড়ান্ত চুক্তি সম্পন্ন কৰা হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰিছে।

লগতে পঢ়ক– বন্দুকৰ ছাঁত অন্তহীন আলোচনা অগ্ৰহণযোগ্য, ৩১ অক্তোবৰ শেষ সীমা: নাগা চুক্তিক লৈ ৰৱি