NORTHEAST NOW (Assamese)
অসম

Neiphiu Rio: কঠোৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা উচিত: নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’

Posted by: এন ই নাও নিউজ, কোহিমা Updated by: এন ই নাও নিউজ, কোহিমা December 6, 2021 2:05 pm
Nagaland CM

Neiphiu Rio নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনক (আফস্পা) এক কঠোৰ আইন বুলি অভিহিত কৰিছে।

‘’আফস্পা এক কঠোৰ আইন যাক গোটেই বিশ্বজুৰি নিন্দা কৰা হয়,’’-নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই কয়।

নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সামৰি বাহিনীৰ গুলীত নিহত ১৫জন সাধাৰণ নাগৰিকৰ শেষকৃত্যৰ সেৱাত সোমবাৰে ভাগ লৈ ভাষণ দিছিল ৰিঅ’ই।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘কঠোৰ’ আইন-আফস্পা ৰাজ্যখনৰ পৰা শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত।

Also Read: সুখবৰ: পুনৰ ফুটবলৰ জগতলৈ উভতিল ক্ৰিষ্টিয়ান এৰিকচেন

অৱশ্যে তেওঁ লগতে উল্লেখ কৰে যে কেন্দ্ৰই নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিব নোৱাৰি বুলি স্থিতি ধৰি ৰাখিছে।

‘’নাগালেণ্ডত আফস্পা চলাই ৰখাৰ কোনো যুক্তি নাই। ৰাজ্যখনত শান্তি বিৰাজ কৰি আছে,’’- ৰিঅ’ই কয়।

‘’আমি কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছো। এই আইনে আমাৰ দেশৰ ভাৱমূৰ্তি ম্লান কৰিছে,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

Also Read:মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত বিশ্বনাথত মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ আছুৰ

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে পুনৰ দাবী উত্থাপন হোৱাৰ সময়তে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তৱ্যই তাৎপৰ্য বহ কৰিছে।

নাগালেণ্ডৰ কেইবাটাও সামাজিক সংগঠনেও পুনৰ এই ক’লা আইন প্ৰত্যাহাৰৰ দাবী তুলিছে।