NORTHEAST NOW (Assamese)

নাগালেণ্ডত নতুনকৈ ৬৯জন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৮০ জনলৈ বৃদ্ধি

June 22, 2020 12:16 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নাগালেণ্ডত আজি নতুনকৈ ৬৯ গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইয়াৰ সৈতে ৰাজ্যখমনত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮০ গৰাকীলৈ বৃদ্ধি পায়।

যোৱা দেওবাৰে নাগালেণ্ডত ২৭৫ জন লোকৰ চেম্পুল পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰ পৰাই উক্ত ৬৯ গৰাকীৰ দেহত কোভিড পজিটিভ পোৱা ধৰা পৰে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাঙ্গু ফোমে আজি টুইটাৰ যোগে এই কথা সদৰী কৰে।

নতুনকৈ আক্ৰান্ত হোৱা ৬৯ গৰাকী ৰোগীৰ ৬৫ গৰাকী পেৰেন, ৩ গৰাকী ডিমাপুৰ আৰু এগৰাকী জুনহেবোটোৰ কুৱাৰেণ্টাইন চেণ্টাৰত আছে।

বৰ্তমান ৰাজ্যখনত ১৩৯ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ ১৪১ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

আনহাতে নাগালেণ্ডত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই।

Related News