NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত কোভিড প’জিটিভ লোকৰ সংখ্যা ৮৭২৬ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 9:43 am
COVID19-image-credit-Odishatv-750x375

নাগালেণ্ডত মঙলবাৰে নতুনকৈ ৬৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৮৭২৬ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ গৃহ বিভাগৰ মুখ্য সচিৱ অভিজিত সিনহাই টুইট যোগে এইকথা প্ৰকাশ কৰে।

নতুনকৈ কোভিড আক্ৰান্ত হোৱা ৬৩ গৰাকী লোকৰ ভিতৰত ৩৬ গৰাকী ডিমাপুৰ, ১৮ গৰাকী কহিমা, ৮ গৰাকী মুন আৰু এগৰাকী টুৱেনচাং জিলাৰ।

সিনহাই জনোৱা মতে, ৰাজ্যখনৰ মুঠ কোভিড আক্ৰান্ত হোৱা ৮৭২৬ গৰাকী লোকৰ ভিতৰত ৬৭৫৫ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

বৰ্তমান নাগালেণ্ডত ১৮৬০ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ২৭ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে, ৮৭২৬ গৰাকী সক্ৰিয় কোভিড ৰোগীৰ ভিতৰত ৩৮১৫ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোক, ১৬৩৬ গৰাকী বহিঃৰাজ্যৰ পৰা উভতি অহা লোক, ৪২৮ গৰাকী চিকিৎসাকৰ্মী আৰু ২৮৪৭ গৰাকী সাধাৰণ নাগৰিক।