NORTHEAST NOW (Assamese)
Popular Stories

পেট্ৰ’ল-ডিজেলত কৰ বৃদ্ধিৰ সম্ভাৱনা; ইয়াক লৈ ৰাহুলৰ মন্তব্য : প্ৰধান মন্ত্ৰী ডাঙৰীয়া, জনসাধাৰণক লুটিবলৈ এৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 10:17 am

গুৰুতৰ অৰ্থনৈতিক সংকটৰ মাজেৰে গতি কৰি আছে দেশ। আৰু এই সময়তেই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত কৰ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক ৩ৰ পৰা ৬ টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এই খবৰ জানিব পাৰি কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইটযোগে পুনৰ এবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

গান্ধীয়ে টুইটত কয়, ‘প্ৰধান মন্ত্ৰী ডাঙৰীয়া, জনসাধাৰণক লুটিবলৈ এৰক, নিজৰ মিত্ৰ সকলক টকা দিবলৈ এৰক, আত্মনিৰ্ভৰ হওক’।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে দেশত সৃষ্টি হোৱা ভয়ানক আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ লাভৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

যদি চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰে তেন্তে এই বিত্তীয় বৰ্ষত ৬০০০০ কোটি টকা আদায়ৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, আবকাৰী শুল্ক বৃদ্ধিৰ বাবে শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে আৰু এই সন্দৰ্ভত অতি শীঘ্ৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰিলেও ইয়াৰ প্ৰভাৱ যাতে খুচুৰা ব্যৱসায়ত নপৰে তাৰ প্ৰতি বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে, দেশত যোৱা এমাহ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাই সেয়ে আবকাৰী শুল্ক বৃদ্ধি কৰা এইটো উপযুক্ত সময় বুলি অভিহিত কৰিছে বিশেষজ্ঞ সকলে।