NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ পৰিবেশ মন্ত্ৰী চি এম চাঙৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 5:51 pm

কোভিড জনিত সমস্যাৰ ভূগি নাগালেণ্ডৰ পৰিবেশ মন্ত্ৰী চি এম চাঙে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰাক্তন কেন্দ্ৰীয় প্ৰশাসনিক বিষয়া তথা সাংসদ চি এম চাঙে কোভিডৰ লগতে বিভিন্ন শাৰীৰিক সমস্যাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

আজি চিকিৎসালয়ত নিয়তিৰ ওচৰত হাৰ মানে নাগালেণ্ডৰ পৰিবেশ মন্ত্ৰী গৰাকীয়ে।

নাগালেণ্ডৰ কহিমাত থকা নাগা হস্পিটেল অথ’ৰিটিত ৭৮ বছৰ বয়সত চাঙৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত চাঙে ইহ সংসাৰত পাঁচগৰাকী পুত্ৰ সন্তান আৰু এগৰাক কন্যাক এৰি থৈ যায়।

চাঙৰ মৃত্যুত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে গভীৰ শোক ব্যক্ত কৰে।

‘‘চাঙৰ মৃত্যুত নাগালেণ্ডৰ লগতে সমগ্ৰ দেশে এগৰাকী ভাল নেতাক হেৰুৱালে,’’ চাঙৰ মৃত্যুত ৰবিয়ে এইদৰে উল্লেখ কৰে।

নাগালেণ্ডৰ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰী তথা ৰাজনৈতিক নেতা সকলেও পৰিবেশ মৃত্যুৰ গভীৰ শোক ব্যক্ত কৰে।