NORTHEAST NOW (Assamese)
অসম

অন্ধ্ৰপ্ৰদেশত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তিত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 6:21 pm

অন্ধ্ৰপ্ৰদেশত ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তি অচিনাক্ত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ পূৱ গোদাৱৰী জিলাৰ কাটৰেনিপাড়ুত থকা ভাৰতীয় সংবিধান প্ৰণেতা সকলৰ অন্যতম ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তিটো কোনো অচিনাক্ত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰে।

এই ঘটনাৰ পাছতে পূৱ গোদাৱৰী জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় তেওঁলোকে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে আৰু তদন্ত অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিগত জুলাই মাহতে মুম্বাইত থকা ভীমৰাও আম্বেদকাৰৰ গৃহত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল।

আনহাতে, অন্ধ্ৰপ্ৰদেশত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তি লণ্ড-ভণ্ড কৰা কাৰ্য্যক সাধাৰণ নাগৰিকে তীব্ৰ গৰিহনা দি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।