NORTHEAST NOW (Assamese)
অসম

মৰিয়নীৰ জাঁজী নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক October 13, 2020 6:26 pm
Unidentified body recovered in Mariani's Jaji river

এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ মৰিয়নীৰ জাঁজী নৈত উটি অহা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

চেলেংহাটৰ টেঙাবাৰীৰ সমীপত জাঁজী নদীত উটি অহা অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ।

কমলা ৰঙৰ ব্লাউজ আৰু মেৰুন ৰঙৰ শাৰী পৰিহিতা মহিলাগৰাকী বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।

মৃতদেহটো উদ্ধাৰৰ বাবে ঘটনাস্থলীত চেলেংহাট আৰক্ষী উপস্থিত হৈছে।

মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।