NORTHEAST NOW (Assamese)

মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যৰ

June 28, 2019 9:00 pm · সভাপতি ছামম
Updated: June 28, 2019 9:03 pm
ৰাজ্যপাল পি বি আচাৰ্য্যৰ শপত গ্ৰহণ

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ইম্ফলত অৱস্থিত ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰি শপত গ্ৰহণ কৰে।

মণিপুৰৰ বৰ্তমানৰ ৰাজ্যপাল নাজমা হেপতুল্লা এমাহৰ বাবে ছুটীত যোৱাৰ বাবে নাগালেণ্ডৰ ৰাজ্যপালগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, হেপতুল্লাই আমেৰিকাত থকা পৰিয়ালৰ ওচৰলৈ এমাহৰ ভ্ৰমণ সূচী লৈ ফুৰিব যাব।

মণিপুৰ উচ্চন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এল এছ জমিৰে পি বি আচাৰ্য্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই।

শপত গ্ৰহণ অনুষ্ঠানত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং, মণিপুৰৰ আৰক্ষী আয়ুক্ত আৰু বিধায়কসকলে ৰাজ্যপালগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। মণিপুৰৰ পূৰ্বৰ মুখ্য মন্ত্ৰী ৰাধাবিনোদ কোইজাম আৰু বিৰোধী দল কংগ্ৰেছৰ বিধায়কসকলো শপত গ্ৰহণত উপস্থিত থাকে।

উল্লেখযোগ্য যে, পি বি আচাৰ্য্যই ইয়াৰ পূৰ্বে অসমৰো ৰাজ্যপালৰ দায়িত্বভাৰ পালন কৰিছিল।

Related News