NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত বিদ্যালয় সুৰক্ষা নীতি প্ৰৱৰ্তন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2019 8:04 pm
representing Image

নাগালেণ্ডত শিশুসকলৰ বাবে সুৰক্ষিত শৈক্ষিক পৰিবেশ নিশ্চিত কৰাৰ অৰ্থে নাগালেণ্ড সুৰক্ষিত বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা আঁচনি (এন ডি এম এছ এছ পি) প্ৰস্তুত কৰি তুলিছে ৰাজ্যখনে।

নাগালেণ্ড স্কুল এডুকেশ্যন বিভাগৰ সৈতে সহযোগিতাৰে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে আঁচনিখন প্ৰস্তুত কৰি উলিয়াইছে।

এন ডি এম এছ এছ পিয়ে বিদ্যালয় সমূহৰ বিভিন্ন সুৰক্ষামূলক দিশ সন্দৰ্ভত থকা প্ৰত্যাহবানৰ ওপৰত কাম কৰাৰ লগতে বিভিন্ন অংশীদ্বাৰী গোটৰ সৈতে প্ৰয়োজনীয় আৰ্হি প্ৰস্তুত কৰিব।

এন ডি এম এছ এছ পিয়ে ছাত্ৰ, শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে নিৰাপদভাৱে শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যাব পৰা শৈক্ষিক পৰিবেশ নিৰ্মাণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

নাগালেণ্ডৰ বিভিন্ন গাঁও আৰু চহৰত থকা বিদ্যালয় সমূহত প্ৰাকৃতিক দুৰ্যোগৰ সময়ৰ সৃষ্টি হ’ব পৰা পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে।

পৰৱৰ্তী সময়ত ৰাজ্যখনত বৃহৎ পৰিসৰত আঁচনিখন প্ৰয়োগ কৰাৰ বাবেও পৰিকল্পনা লোৱা হৈছে বুলি জানিব পৰা গৈছে।