NORTHEAST NOW (Assamese)
Popular Stories

পুত্ৰ দেশবাসীৰ নয়নৰ মণি, আন্তৰ্জাতিক পৰ্যায়ত লগাইছে চমকঃ পিতৃয়ে এতিয়াও বিতৰণ কৰি আছে চিলিণ্ডাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2024 10:14 pm
Viral Video Rinku Singh

প্ৰথমে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু তাৰ পিছত ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত হৈছে ৰিংকু সিং। নিজৰ প্ৰদৰ্শনৰ সুবাদতে ৰিংকুৱে আদায় কৰিছে এই প্ৰশংসা।

অৰ্থনৈতিকভাৱে বিশেষ স্বচ্ছল নোহোৱা এটা পৰিয়ালৰ পৰা অহা ৰিংকুৱে ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি প্ৰথমে চৰ্চালৈ আহে। সেই সূত্ৰে যুৱ তাৰকাগৰাকীয়ে সুযোগ পায় আই পি এলত।

আই পি এল ফ্ৰেন্সাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ দুই-তিনিটা ছিজনত ৰিংকুৱে দাঙি ধৰে চমকপ্ৰদ প্ৰদৰ্শন। ইয়াৰ পিছতে যোৱা বছৰ ৰিংকুৱে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰে।

এই সুযোগ এতিয়ালৈকে অথলে যাবলৈ দিয়া নাই যুৱ তাৰকাগৰাকীয়ে। ভাৰতৰ হৈ ১১টা টি-২০ ইনিংছত ৰিংকুৱে ৮৯ গড়ে আৰু ১৭৬তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে ৩৫৬ ৰাণ সংগ্ৰহ কৰিছে। হৈ পৰিছে দলৰ নিৰ্ভৰযোজ্ঞ তাৰকা।

এনে প্ৰদৰ্শনৰ ভিত্তিত ক্ৰিকেট বিশ্বত উষ্ম প্ৰশংসিত হৈছে ৰিংকু। পিছে পুত্ৰ এতিয়া দেশৰে এগৰাকী আইকণ হৈ পৰাৰ পিছতো ৰিংকুৰ পিতৃয়ে এইপৰ্যন্ত এৰি দিয়া নাই নিজা বৃত্তি। দৈনিক শ্ৰমৰ দ্বাৰা পিতৃয়ে এতিয়াও কৰি আছে উপাৰ্জন।

উল্লেখ্য যে ৰিংকুৰ পিতৃ খানচন্দ সিঙে উত্তৰ প্ৰদেশৰ আলিগড়ত এল পি জি চিলিণ্ডাৰ বিতৰণ কৰে। ৰিংকু নিজ কেৰিয়াৰত সফল নোহোৱা পৰ্যন্ত এই কষ্টোপাৰ্জিত ধনেৰেই চলিছিল তেওঁলোকৰ পৰিয়াল।

শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ বাবে পুনৰবাৰ চৰ্চালৈ আহিছে ৰিংকু তথা তেওঁৰ পিতৃ। এই ভিডিঅ’টোত ৰিংকুৰ পিতৃয়ে এখন সৰু ট্ৰাকত এল পি জি চিলিণ্ডাৰ লোড কৰি থকা দেখিবলৈ পোৱা গৈছে।

 

তাৰ পাছতেই সামাজিক মাধ্যমত এই সন্দৰ্ভত ব্যাপক চৰ্চা হয়। ইতিপূৰ্বে ৰিংকুৱেও পিতৃৰ এই সিদ্ধান্ত সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তেওঁৰ এই সফলতাৰ পিছতো পিতৃয়ে নিজা কৰ্ম এৰিবলৈ অস্বীকাৰ কৰা বুলি প্ৰকাশ কৰিছিল ৰিংকুৱে।

ৰিংকুৱে এতিয়া তেওঁলোকৰ পৰিয়াল চলাৰ বাবে যথেষ্ট সমল আছে বুলি পিতৃক তেওঁৰ কাম এৰাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু পুত্ৰৰ এই অনুৰোধ অস্বীকাৰ কৰিছিল খানচন্দ সিঙে আৰু নিজৰ এই কাম ভাল পায় বুলি উল্লেখ কৰে।

পিতৃৰ এই সিদ্ধান্তক সন্মান জনাই ৰিংকু সিঙেও পুনৰবাৰ পিতৃক কাম এৰাৰ বাবে অনুৰোধ কৰা নাই। তেওঁ লগতে কয় যে যদি কোনোৱে গোটেই জীৱন কাম কৰি আহিছে, তেন্তে তেওঁ নিবিচৰালৈকে সেয়া বন্ধ কৰিবলৈ কোৱাটো কঠিন।