NORTHEAST NOW (Assamese)

টি-২০ ক্ৰিকেটত কেনিয়াক অতিক্ৰমি নাগালেণ্ডৰ বিশ্ব অভিলেখ

February 23, 2019 12:10 pm · এন ই নাও নিউজ
ইণ্টাৰনেটৰ পৰা সংগৃহীত অন্ধ্ৰপ্ৰদেশ আৰু নাগালেণ্ড টি-২০ খেলৰ আলোকচিত্ৰ

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত নাগালেণ্ডে গঢ়িলে বৃহৎ পৰাজয়ৰ বিশ্ব অভিলেখ। অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে ১৭৯ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্তহৈ অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হয় নাগালেণ্ড।

পূৰ্বে এই অভিলেখ আছিল কেনিয়াৰ নামত। ২০০৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ খেলখনত ১৭২ ৰাণত পৰাস্তহৈ কেনিয়াই গঢ়িছিল বৃহৎ পৰাজয়ৰ অভিলেখ।

 

ইণ্টাৰনেটৰ পৰা সংগৃহীত অন্ধ্ৰপ্ৰদেশৰ বেটিঙৰ মহুৰ্তৰ আলোকচিত্ৰ

অন্ধপ্ৰদেশৰ দেৱীনানী ভেংকত ৰমণ ষ্টেডিয়ামত ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটৰ অন্ধ্ৰপ্ৰদেশ আৰু নাগালেণ্ডৰ মাজৰ খেলখনত টছত জয়ীহৈ অন্ধ্ৰপ্ৰদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ২০ অভাৰত ৰিকি ভুইৰ বিস্ফোৰক শতৰাণ আৰু গিৰিনাথ ৰেড্ডীৰ অৰ্ধশতৰাণৰ সহায়ত অন্ধপ্ৰদেশে ২৪৪ ৰাণ সংগ্ৰহ কৰে।

অন্ধ্ৰপ্ৰদেশে বান্ধি দিয়া বিশাল ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দলীয় স্কোৰ ১২ ৰাণতে দুই অপেনাৰক হেৰুৱাই সংকটত পৰে নাগালেণ্ড।বিপক্ষৰ অভিজ্ঞ বলিঙ আক্ৰমণৰ বিৰুদ্ধে কোনো মহুৰ্ততে মুৰ দাঙি উঠিব নোৱাৰি ৬৫ ৰাণতে আটাইকেইটা হেৰুৱাই ১৭৯ ৰাণত বিশাল পৰাজয়ৰ সন্মুখিন হয় দলটো।

Related News