NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ ওটিং বস্তিৰ ঘটনা; যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত নাগালেণ্ড চৰকাৰৰ SIT গ্ৰুপ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 30, 2021 6:34 pm
SIT for Nagaland killing in Jorhat

নাগালেণ্ডৰ ওটিং বস্তিৰ ঘটনাৰ তদন্তক লৈ আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈছে নাগালেণ্ড চৰকাৰে গঠন কৰি দিয়া ২২ জনীয়া বিশেষ তদন্তকাৰী দল।

প্ৰতিষ্ঠানটোৰ অতিথিশালাত উক্ত ঘটনাৰে জড়িত ২১ পেৰা কামাণ্ডোৰ জোৱানক সোধাপোচা কৰিব বুলি জানিব পৰা গৈছে।

সেই লৈ যোৱা নিশাৰে পৰা প্ৰতিষ্ঠানটোৰ চৌহদত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। সাংবাদিকৰ প্ৰবেশো নিষিদ্ধ কৰি ৰাখিছে।

উল্লেখ্য যে বুধবাৰে গৃহ মন্ত্ৰ্যালয়ৰ তত্ত্বাৱধানত ভাৰতীয় সেনাৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে ওটিং বস্তি পৰিভ্ৰমণ কৰি টিজিত জিলাত এক বৈঠক অনুষ্ঠিত কৰিছিল।

উক্ত বৈঠকতেই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিঅ’ই গঠন কৰি দিয়া ৫ জনীয়া বিশেষ তদন্তকাৰী সমিতিখন ২২ জনীয়ালৈ সম্প্ৰসাৰিত কৰে আৰু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাবলৈ উক্ত তদন্তকাৰী দলক কৰ্তৃত্ব প্ৰদান কৰে।

তাৰ পাছতেই আজি যোৰহাটৰ চটাইস্থিত এই প্ৰতিষ্ঠানত উক্ত তদন্তকাৰী দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ত ঘটনাৰে জড়িত থকাৰ অভিযোগ থকা ২১ পেৰা কামাণ্ডোৰ জোৱানক সোধাপোচা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।