NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ পুলৱামাত সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2020 12:17 pm

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আজি দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়।

জম্মু-কাশ্মীৰৰ পুলৱামাৰ টিকেন অঞ্চলত মঙলবাৰে পুৱতি নিশাৰ পৰা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীত সন্ত্ৰাসবাদী দুজন নিহত হয় বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সদৰী কৰে।

চি আৰ পি এফ, ভাৰতীয় সেনাৰ ৫৫ ৰাষ্ট্ৰীয় ৰাইফল আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্মিলিতভাৱে অঞ্চলটোত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকা বুলি তথ্য লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে চাৰিওফালৰ পৰা সন্ত্ৰাসবাদী দুজনক ঘেৰি ধৰাৰ পাছত সন্ত্ৰাসবাদী দুজনে নিৰাপত্তাৰক্ষীক উদ্দেশ্যি ধাৰাশাৰ গুলীবৰ্ষণ কৰে।

সন্ত্ৰাসবাদীৰ গুলীত এগৰাকী স্থানীয় নাগৰিকো আঘাতপ্ৰাপ্ত হয়।

দীৰ্ঘসময়ৰ গুলীয়াগুলীৰ অন্তত নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে সন্ত্ৰাসবাদী দুজনক নিহত কৰিবলৈ সক্ষম হয়।

বৰ্তমানলৈ নিহত সন্ত্ৰাসবাদী দুজনৰ পৰিচয় জানিব পৰা হোৱা নায়।