NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৯,২০৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 7:21 pm
নাগালেণ্ডত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৯,২০৭ গৰাকীলৈ বৃদ্ধি

বুধবাৰে নাগালেণ্ডত কোভিড আক্ৰান্তৰ সংখ্যা ৯,২০৭ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগানয়ু ফোমে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

‘‘আপডেট! নতুনকৈ ৫৬ গৰাকী লোক আজি কোভিড প’জিটিভ হৈছে,’’ ফোমে টুইট কৰে।

নতুনকৈ কোভিড প’জিটিভ হোৱা ৫৬ গৰাকী লোকৰ ভিতৰত ২৭ গৰাকী ডিমাপুৰ, ২৪ গৰাকী কোহিমা, দুগৰাকী মুন আৰু টুৱেনচাং জিলা আৰু এগৰাকী লোক ফেক জিলাৰ।

আনহাতে, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে নাগালেণ্ডত বিগত ২৪ ঘণ্টাত ১৪৮ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে বুলিও উল্লেখ কৰে।

ৰাজ্যখনৰ চাৰিখন জিলাত এইসকল লোক আৰোগ্য হৈ উঠে।

আৰোগ্য হৈ উঠা ১৪৮ গৰাকী লোকৰ ভিতৰত সৰ্বাধিক সংখ্যক ১৩৪ গৰাকী লোক আৰোগ্য হয় ডিমাপুৰত।

শেহতীয়া তথ্য অনুসৰি, নাগালেণ্ডত ৭৯৩৪ গৰাকী লোক চিকিৎসাৰ অন্তত কোভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।