NORTHEAST NOW (Assamese)
অসম

আহমেদাবাদৰ কাপোৰৰ গুদামত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৯জন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 7:21 pm
WhatsApp Image 2020-11-04 at 5.56.11 PM

গুজৰাটৰ আহমেদাবাদৰ এটা কাপোৰৰ গুদামত বুধবাৰে সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে।

আহমেদাবাদৰ পিৰানা ডাম্পিং য়াৰ্ডৰ সমীপৰ গণেশ নগৰ অঞ্চলৰ এটা কাপোৰৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

গণেশ নগৰৰ পাৱাৰ ষ্টেশ্যনৰ কাষত অৱস্থিত এই গুদামৰ পোছাক নিৰ্মাণ য়ুনিটত জুই লাগে।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে আহমেদাবাদ অগ্নিনিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ বাবে প্ৰচেষ্টা চলায়।

বাতৰি অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীয়ে গুদামৰ ভিতৰত চিগাৰেটৰ পৰা জুই ওফৰি শ্বট শ্বাৰ্কিটৰ পাছতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক অনুসন্ধানত অনুমান কৰিছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে আৰু তেওঁলোকেও জুই নুমুওৱাৰ কামত লাগে।

মুঠ ২৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু ৫০জন বিষয়াই অগ্নিনিৰ্বাপনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ঘটনাত গুৰুতৰভাৱে আহত লোকসকলক হাস্পাতলত ভৰ্তি কৰোৱা হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি মৃত আৰু আহত লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।