নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নিশাৰ ভাগত দুটা ৱাৰ্ডত প্ৰায় ২০ গৰাকী ৰোগীৰ বিপৰীতে মাত্ৰ এগৰাকী নাৰ্চ
অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা কৈ যিমানেই জয়ঢোল নবযাওক কিয় তাৰ প্ৰকৃত স্বৰূপটো নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় খনত নিশাৰ ভাগত অতি সুন্দৰকৈ প্ৰকাশ পাইছে ।
এগৰাকী নাৰ্চে একেলগে কেইগৰাকী ৰোগীক সেৱা আগবঢ়াব পাৰে সেই কথা সকলোৱে জানে ।
কিন্তু নগাঁৱৰ এইখন চিকিৎসালয়ত দুটা ৱাৰ্ডত প্ৰায় কুৰি গৰাকীৰো অধিক ৰোগীক নিশাৰ ভাগত সেৱা আগবঢ়াবলৈ নিয়োগ কৰা হৈছে মাত্ৰ এগৰাকী নাৰ্চক ।
নগাঁও জিলাৰ এই বৃহৎ চিকিৎসালয় খনৰ ডি ডি চি আৰু মেডিকেল ২ ৰ অন্তৰ্গত এচ পি চি/পি এই দুটা ৱাৰ্ডত যোৱা নিশা দেখিবলৈ পোৱা গল এই অদ্ভুত কাণ্ড ।
মাত্ৰ এগৰাকী নাৰ্চে ওৰে নিশা দুটা স্থানত অৱস্থিত চিকিৎসালয় খনত ভৰ্তি হৈ থকা ৰোগী সকলক শুশ্ৰূষা কৰি গৈছিল । বহু সময়ত এগৰাকী ৰোগীৰ শুশ্ৰূষাত ব্যস্ত হৈ থকাৰ পাছত আন এগৰাকী সংকটজনক অৱস্থাত থকা ৰোগীৰ কাষলৈ যোৱাত কিছু পলম হলেই ৰোগীৰ লগত থকা এটেন্ডেণ্টে গালি পাৰিছিল ।
ওৰেটো নিশা উজাগৰে থাকি ৰোগী সকলৰ সেৱাত ব্যস্ত হোৱাৰ পাছতো বিভিন্ন জনৰ দাবী ধমকি খাই পুৱাৰ ভাগলৈ ভাগি পৰিছিল নাৰ্চ গৰাকী ।
এই প্ৰক্ৰিয়াৰে চলিছে অসম চৰকাৰৰ অভিলাসী স্বাস্থ্য বিভাগ । কিছু দিনৰ পূৰ্বে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ নাৰ্চৰ ব্যৱহাৰ ভাল নোহোৱাৰ বাবেই ব্যক্তিগত নাৰ্চিং হ’ম তথা চিকিৎসালয়সমূহলৈ ৰোগীসকল যাবলৈ বাধ্য হয় বুলি মন্তব্য কৰিছিল ।
এই কথা যদিও সত্য তথাপি উপযুক্ত শুশ্ৰূষাৰ অভাৱতো যে একাংশ চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰতি সাধাৰণ ৰাইজৰ অনীহা আহিছে সেই কথাও সত্য ।
কাৰণ এজন ৰোগীৰ দেহত লগাই থোৱা চেলাইনটো খুলিবলৈ এগৰাকী নাৰ্চ বিচাৰি বিভিন্ন সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰোগীৰ আত্মীয়ৰ । এয়া এটা সাধাৰণ উদাহৰণহে মাত্ৰ ।