NORTHEAST NOW (Assamese)
অসম

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ নৱাগত আদৰণী সভা

Posted by: মিণ্টু দাস August 10, 2018 11:43 pm

নগাঁও মহাবিদ্যালয়ত ছদিনীয়া কাৰ্যসূচীৰে চলি থকা মহাৰজত জয়ন্তীৰ নৱাগত আদৰণী সভা মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয়। আদৰণী সভাৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক পৰাগমণি আদিত্যই।

সাংবাদিকগৰাকীয়ে নগাঁও মহাবিদ্যালয়ৰ শৈক্ষিক দিশৰ আলোকপাত কৰি কয় যে মহাবিদ্যালয়খনৰ জন্মলগ্নৰ লগত জড়িত ব্যক্তিসকলৰ সৎ চিন্তা উদয় নোহোৱা হ’লে নগাঁও মহাবিদ্যালয়ৰ জন্ম নহ’লহেঁ‌তেন। নগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল সকলো দিশতে শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় আজিৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক।

আনহাতে, আদৰণী সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত তথা প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰাই।

আনহাতে আৰম্ভণি অনুষ্ঠানৰ এক বিশেষ আয়োজনৰূপে কালি বিয়লীৰ পৰা সন্ধিয়া পৰ্যন্ত অনুষ্ঠিত হয় এখন সদৌ অসম ভিত্তিক প্রাইজমানি আন্তঃ মহাবিদ্যালয় কুইজ প্রতিযোগিতা। গোলাবী দেৱী ম’ৰৰ সোঁৱৰণত নগাঁও মহাবিদ্যালয়ৰ ১৯৯১ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষাবর্ষৰ শিক্ষার্থীসকলৰ উদ্যোগত নগাঁও মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এই প্রতিযোগিতাত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়ৰ শতাধিক দলে অংশগ্রহণ কৰে।

প্রাৰম্ভিক লিখিত প্রতিযোগিতাৰ পৰা নির্বাচিত শ্রেষ্ঠ ছয়টা দলৰ মাজত ছয়টা ৰাউণ্ডৰ মূল প্রতিযোগিতাৰ অন্তত নিজৰ সর্বোৎকৃষ্ট প্রদর্শণেৰে নলবাৰী মহাবিদ্যালয়ৰ ৰুবুল কলিতা-ভূপাল শর্মাৰ দলে চেম্পিয়ন দলৰ সন্মান লাভ কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজিত দাস আৰু কটন বিশ্ববিদ্যালয়ৰ ৰক্তিম ৰঞ্জন বৈশ্যৰ দলে দ্বিতীয় স্থান পোৱাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সীমান্ত বর্মন-অভিজিৎ সিঙৰ দলে তৃতীয় স্থান পাবলৈ সক্ষম হয়।

প্রতিযোগিতাৰ অন্তত বিজয়ীদলসমূহক মানপত্র-ট্রফী সহিতে ক্রমে নগদ ১০০০০ টকা, ৭০০০ টকা, ৫০০০ টকা প্রদান কৰাৰ লগতে আন তিনিটা দললৈ আগবঢ়োৱা হয় নগদ ১০০০ টকাকৈ।