NORTHEAST NOW (Assamese)

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা নগাঁও উপায়ুক্তৰ

March 11, 2019 8:05 am · এন ই নাও নিউজ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থানখনিত বিভিন্ন উন্নয়নমূলক কাৰ্যৰ ৰূপায়ণৰ বাবে অসম চৰকাৰে ইতিমধ্যে বিগত বিত্তীয় বৰ্ষতে আগবঢ়াইছিল তিনি কোটি পাঁচ লাখ টকা। এই ধনৰাশিৰে বটদ্ৰৱা থানত ৰূপায়ণ হ’বলগীয়া প্ৰকল্পৰ আনুষ্ঠানিক আধাৰশিলা ১০ মাৰ্চত থান চৌহদত  স্থাপন কৰা হয়।

১০ মাৰ্চত পুৱা বটদ্ৰৱা থানত সত্ৰীয়া ৰীতি-নীতিৰে নগাঁও জিলাৰ উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়াৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতি সভাপতি তথা সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে আধাৰশিলা স্থাপনেৰে এই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া তথা কাৰ্যকৰী সদস্যৰ লগতে স্থানীয় ৰাইজ আৰু থানলৈ অহা যাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱ নিযুক্ত উপায়ুক্তগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে প্ৰকল্প ৰূপায়ণত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।

ইয়াৰ পিছতে উপায়ুক্তগৰাকীয়ে আগন্তুক দৌল উৎসৱ সন্দৰ্ভতো বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়।

Related News