NORTHEAST NOW (Assamese)

নগাঁৱত ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দিয়া যুৱকক আটক আৰক্ষীৰ

September 14, 2018 6:41 pm · মিণ্টু দাস
Updated: September 14, 2018 6:49 pm

দীৰ্ঘদিন ধৰি নগাঁও চহৰত নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি বহু লোকক ভয়-ভাবুকি দি সন্ত্ৰাস সৃষ্টি কৰি অহা নগাঁৱৰ এজন ভণ্ড যুৱকক আজি আৰক্ষীয়ে কৰায়ত্ত কৰে।

আটকাধীন যুৱকজনক নগাঁও চহৰৰ আজাদ নগৰ নিৱাসী প্ৰিন্স খান বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে এই ভুৱা ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া প্ৰিন্স খানে নগাঁৱৰ বহু লোকক নিজকে ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দি ভিত্তি প্ৰদৰ্শন কৰি আহিছুল।

তাৰোপৰি নিজৰ ব্যক্তিগত চাৰিচকীয়া বাহনত অসম আৰক্ষীৰ লগ’ লগাই লোৱাৰ উপৰি ক্ৰাইম এণ্ড কৰাপশ্যন কণ্ট্ৰল এছ’চিয়েশ্যন বুলিও লিখি লৈছিল।

আনকি আজিও এগৰাকী মটৰ চাইকেল আৰোহীক সামান্য অজুহাততে ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দি ভাবুকি প্ৰদান কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত স্থানীয় একাংশ লোক ঘটনাস্থলীত সমৱেত প্ৰৱঞ্চক প্ৰিন্সক কৰায়ত্ত কৰি নগাঁও সদৰ আৰক্ষী থানাত চমজাই দিয়ে। লগতে আৰক্ষীয়ে প্ৰিন্স খানে ব্যৱহাৰ কৰা বহনখনো জব্দ কৰে।

Related News