NORTHEAST NOW (Assamese)

‘ভাৰত বন্ধ’ৰ সমৰ্থনত নগাঁৱত যুৱ কংগ্ৰেছৰ বিশাল জোঁৰ সমদল

September 9, 2018 9:04 pm · মিণ্টু দাস
ফটো : নৰ্থ-ইষ্ট নাও

দেশজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ১০ ঘণ্টীয়া ভাৰত বন্ধৰ সমৰ্থনত আজি নগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰত এক বিশাল জোঁৰ সমদল উলিওৱা হয়।

জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আজি সন্ধিয়া প্ৰায় সাত মান বজাত আৰম্ভ হোৱা সমদলত কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে হাতত জোঁৰ লৈ চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে।

জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলীৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলটোৱে চহৰখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰে।

এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা আদিকে ধৰি শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Related News